অসম লাইভ ২৪ঃ তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে চলা কৃষক আন্দোলনে আজি ৭ মাহ সম্পূর্ণ কৰিলে। ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ কৃষকে অংশ লৈছিল এই আন্দোলনত। বিভিন্ন জনে প্ৰাণ হেৰুৱাইছে এই আন্দোলনত। কিন্তু আজিও তিনি বিতৰ্কিত কৃষি আইন সন্দৰ্ভত নিজৰ স্থিতি সলনি নকৰিলে চৰকাৰে। শনিবাৰে ৭ মাহত সম্পূৰ্ণ কৰিলে এই বিদ্ৰোহে। সেই উদ্দেশ্যে দিল্লীত কৃষকসকলে পুনৰ ট্ৰেক্টৰ ৰেলীৰ আয়োজন কৰে। ভাৰতীয় কিষান ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকতে শনিবাৰে পুনৰ তিনি কৃষি আইন বাতিলৰ দাবী উত্থাপন কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ সৈতে এই সন্দৰ্ভত মতবিনিময় কৰিব বুলি উল্লেখ কৰে। প্ৰতিবাদকাৰী কৃষকৰ সৈতে আলোচনাত বহিবলৈ চৰকাৰ সাজু বুলি কয় নৰেন্দ্ৰ সিং টোমৰে। ট্ৰেক্টৰ ৰেলীৰ বাবে দিল্লীৰ পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ বন্ধ থাকিব ৩ খনকৈ মেট্ৰ’ ট্ৰেইনৰ চলাচল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















