পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক
কাৰ ভাগ্যত কি লিখা থাকে সেয়া কোনেও নাজানে। কোনো যদি ৰজাৰ পৰা প্ৰজা হয়, কোনো আকৌ ভাগ্যৰ বলত প্ৰজাৰ পৰা ৰজা হয়গৈ। তেনেই এক কাহিনী বলীউডৰ এগৰাকী জনপ্ৰিয় তাৰকাৰ। দৰিদ্ৰ পৰিয়ালৰ সেই পুত্ৰক পিতৃয়ে বনাব বিচাৰিছিল এগৰাকী সফল দৰ্জী, কিন্তু ভাগ্যদেৱীয়ে টানি আনে বলীউডলৈ। বৰ্তমানে প্ৰায় ৪০০ কোটি টকাৰ মালিক।
বৰ্তমানে কেৱল সেই পুত্ৰই সফল হোৱা নাই , সেই পুত্ৰৰ কন্যাও আজিৰ তাৰিখত বলীউডত অতিকে সফল। অভিনেত্ৰী সকলৰ ভিতৰত এগৰাকী অন্যতম সফল অভিনেত্ৰী। ইয়াত কৈ থকা হৈছে , নিজৰ কমেডি টাইমিং আৰু খলনায়ক দুয়োটা চৰিত্ৰতে সাৱলিল অভিনয় কৰি দৰ্শকৰ মাজত অতিকে জনপ্ৰিয় হোৱা শক্তি কাপুৰ।
এটা সময় আছিল যেতিয়া শক্তি কাপুৰৰ পিতৃয়ে, পুত্ৰ চিনেমালৈ অহাটো নিবিচাৰিছিল। পুত্ৰক দৰ্জী বনাব বিচাৰিছিল যদিও শক্তিৰ ইচ্ছা সদায় অভিনেতা হোৱাৰ আৰু এই সপোন পূৰণৰ বাবে বহু প্ৰচেষ্টাৰ অন্তত প্ৰথমবাৰৰ বাবে ছবিৰ প্ৰস্তাৱ লাভ কৰিছিল। এই অভিনেতাজনে প্ৰথমখন ছবি পোৱাটো এখন ছবিৰ কাহিনীতকৈও কম নহয়।
শক্তি কাপুৰে প্ৰথম অৱস্থাত বিজ্ঞাপনত কাম কৰিছিল আৰু প্ৰায় ১৩ হাজাৰ টকা উপাৰ্জন কৰিছিল। গাড়ীৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে তেওঁ সেই ধনেৰে আগলৈ খোলা দুৱাৰ থকা ছেকেণ্ড হেণ্ড ফিয়েট গাড়ী এখন কিনিছিল। সেই বাহনেৰে বান্দ্ৰাৰ লিংকিং ৰোডত গাড়ীখন চলাই গৈ থাকোঁতে অভাৰটেক কৰিবলৈ চেষ্টা কৰি থকা এখন মাৰ্চিডিজ বাহনে শক্তিৰ বাহনত খুন্দা মাৰে, যাৰ ফলত বাহনখনৰ ক্ষতি হয়। নতুনকৈ কিনা বাহনৰ ক্ষতি হোৱা মেৰামতি কৰাৰ খৰচ তথা ক্ষতিপূৰণ আদায় কৰাৰ কৰাৰ কথা ভাবে।
কথা মতেই কাম, বাহনৰ পৰা ওলাই আহি মাৰ্চিডিজ বাহনৰ গৰাকীক ধমক দিবলৈ বুলি গৈ দেখে সেই বাহনৰ চালকৰ আসনত তেতিয়াৰ জনপ্ৰিয় অভিনেতা ফিৰোজ খান। লগে লগে শক্তি কাপুৰৰ খং লুকাই ফাট মাৰে, আৰু ফিৰোজ খানক নিজৰ পৰিচয় দি ছবিত কাম দিয়াৰ বাবে অনুৰোধ কৰে। ফিৰোজ খানক ৰাজপথত দেখি অন্য অনুৰাগীয়েও ভিৰ কৰে। ফিৰোজ খানে একো নকয় লগে লগে সেই স্থান পৰিত্যাগ কৰে। শক্তি কাপুৰৰো ঘটনা দেখি মনত বেজাৰ লাগে।
পাছত শক্তি কাপুৰ লেখক কে কে শুক্লাৰ ঘৰলৈ যায় কামৰ সন্ধানত। লেখকে শক্তিক কয়, ‘তোৰ ভাগ্যই বেয়া’ যি ছবিত তোক লোৱাৰ কথা আছিল, সেই ছবিত ফিৰোজে অন্য এজনক লোৱাৰ কথা কৈছে। কিন্তু পাছত বিচাৰ খোচাৰ কৰি জানিব পাৰে ফিৰোজে শক্তিকেই সেই ছবিত লোৱাৰ কথা কৈছিল। কাৰণ ফিৰোজ খানে শক্তিৰ তাত দেখিল এগৰাকী খলনায়ক হোৱাৰ সকলো গুণ।
শক্তিয়ে দুৰ্ঘটনাৰ সময়ত যি খঙেৰে ফিৰোজলৈ চোচা লৈছিল, সেই আগ্ৰাসনেই ফিৰোজে বিচাৰি আছিল নতুন ছবিৰ খলনায়কৰ বাবে। শেষত সকলো কাম হৈ উঠে। শক্তি কাপুৰেই ফিৰোজ খান, বিনোদ খান্না, অমৰেশ পুৰী আদি ডাঙৰ তাৰকা খচিত ছবি ‘কুৰবাণী’ত কাম কৰে।
জীৱনৰ প্ৰথমখন ছবিয়েই অতিকে হিট প্ৰমাণিত হয়। শক্তি কাপুৰৰো অভিনয় আকোৱালী লয় দৰ্শকে। সেই ছবিখনৰ জৰিয়তে ভাগ্য জিলিকি উঠে শক্তি কাপুৰৰ। আৰু কোনোদিনে পিছলৈ উভতি চাব লগা হোৱা নাই শক্তিৰ। পাছলৈ খলনায়কৰ সমানে হাস্য ৰসিক চৰিত্ৰ কৰিয়ো সমানে জনপ্ৰিয়তা লাভ কৰে বলীউডৰ চৰিত্ৰঅভিনেতা তথা তাৰকাগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ