১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড
আৰম্ভ হৈছে মেজৰ লীগ ক্ৰিকেট ২০২৫। প্ৰথমখন মেচ অনুষ্ঠিত হৈছে ছান ফ্ৰান্সিস্কো ইউনিকৰ্ণছ আৰু ৱাশ্বিংটন ফ্ৰিডমৰ মাজত। এই খেলখনতে ছান ফ্ৰান্সিস্কো ইউনিকৰ্ণছৰ বেটছমেন ফিন এলেনে শতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰিছে।
প্ৰথমখন মেচতে বিস্ফোৰক বেটিং কৰি ফিন এলেনে এক উজ্জ্বল শতক অৰ্জন কৰে। মাত্ৰ ৩৪টা বলত ফিনে নিজৰ শতক সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে ফিন এলেন মেজৰ লীগ ক্ৰিকেটৰ ইতিহাসত শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে।
ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ২০২৩ চনত ৪০টা বলত শতক অৰ্জন কৰা নিকোলাছ পুৰানৰ নামত। কেৱল শতক অৰ্জনেই নহয়, ৫১ টা বলত ১৫১ ৰান কৰে ফিনে।
মেচখনত বিস্ফোৰক বেটিং কৰি ফিন এলেনে মাত্ৰ ৫১টা বলত ১৫১ ৰান সংগ্ৰহ কৰে। এই ইনিংছত ফিনে ১৯টা ছয় আৰু ৫টা চাৰি কোবাই।
এই ইনিংছত ফিনৰ ষ্ট্ৰাইক ৰেট আছিল ২৯৬.০৮। ইয়াৰ লগে লগে ফিন এলেন টি-২০ৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা নিউজিলেণ্ডৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ মাৰ্টিন গুপটিলে ৩৫টা বলত শতক অৰ্জন কৰা টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















