উত্তৰাখণ্ডত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দেশৰ ৰাজনীতিকে উত্তাল কৰি থৈ আহিল অসমৰ মুখ্যমন্ত্ৰী বহুবল্কী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
ইমানেই নহয়, নিজৰ স্বভাৱসিদ্ধ পাতলীয়া তথা তৰল মন্তব্যৰে ভাষণ প্ৰদান কৰি এতিয়া দেশজুৰি কৰ্কথনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মা৷
উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ উপসভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় বিচাৰি এই কৰ্কথনাৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷
সততে সভ্যতা সংস্কৃতি উদ্ধাৰৰ কথা ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে এগৰাকী সাংসদৰ পিতৃ পৰিচয় বিচৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাৰো দাবী উঠিছে৷
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাক অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে৷
ইফালে এই বিতৰ্কই গৈ আৰক্ষী থানাতো পাইছেগৈ৷ মহাৰাষ্ট্ৰ যুৱ কংগ্ৰেছৰ এগৰাকী নেতাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷
ৰোশন লাল বিট্টু নামৰ যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ ৰামনগৰ আৰক্ষী থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰি এজাহাৰ দাখিল কৰিছে৷
উক্ত যুনেতাগৰাকীয়ে টুইটাৰত অসমৰ মুখ্যমন্ত্ৰী গৰাকী মানসিকভাৱে অসুস্থ বুলিও অভিহিত কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ