মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত
এক অতিকে শোকাৱহ ঘটনা। মহ খেদোৱা ধূপ লগাই শুই থাকোতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ প্ৰাণ হেৰুৱালে দুই শিশুৱে। লগতে আন দুই শিশু গুৰুতৰবাৱে আহত। পাটনাত সোমবাৰে মাজনিশা এটা জুপুৰীত এই অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
এই ঘটনাত দুটি শিশু অগ্নিকাণ্ডত অগ্নিদ্বগ্ধ হৈ প্ৰাণ হেৰুৱাৰ বিপৰীতে আন দুটা শিশু গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। আহত দুই শিশুকে নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
তথ্য অনুসৰি পৰিয়ালটোৰ সকলো সদস্যই মহ খেদোৱা ধূপ জ্বলাই শুই আছিল ৷ কিন্তু নিশা ধূপৰ পৰা ওলোৱা স্ফুলিংগ প্ৰথমে বেডশ্বীটত পৰি লাহে লাহে গোটেই জুপুৰিটোত জুই বিয়পি পৰে। পৰিয়ালটোৰ স্বামী-স্ত্ৰী নিৰাপদে ওলাই আহিবলৈ সক্ষম হয় যদিও তেওঁলোকৰ কেউটি সন্তান জুইৰ মাজত আবদ্ধ হৈ পৰে।
জুপুৰিটোৰ জুইয়ে আগুৰি ধৰাৰ লগে লগে কাষৰে আন আন কেইবাটাও জুপুৰি জুইৰ লেলিহান শিখাই আগুৰি ধৰে। কেউটি ঘৰৰে সকলো সা-সামগ্ৰী এই অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ