কেৰালাৰ এটা মাছমৰীয়াৰ এটা দলে প্ৰায় ২৮ কোটি টকাৰ মূল্যৰ এক আপুৰুগীয়া সাগৰীয় সম্পদ উদ্ধাৰ কৰিছে। এই ২৮ কোটিটকীয়া অমূল্য সম্পদবিধ হৈছে বিপন্ন প্ৰজাতিৰ তিমিৰ স্পৰ্ম ৱেলৰ বমি!
মাছমৰীয়াসকলে সাগৰত ওপঙি থকা মূল্যৱান বস্তুটো দেখা পাই উদ্ধাৰ কৰি উপকূলৰক্ষী কৰ্তৃপক্ষৰ হাতত তুলি দিয়ে।
শুকুৰবাৰে কেৰালাৰ তিৰুৱানন্তপুৰমৰ সমীপৰ ভিজিঞ্জাম অঞ্চলৰ বাসিন্দা মাছমৰীয়া কেইজনে যোৱা সাগৰত মাছ ধৰিবলৈ গৈছিল।
লগতে পঢ়ক ৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?
উপকূল আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে প্ৰায় ২৮ কিলো ৪০০ গ্ৰাম ওজনৰ এম্বাৰগ্ৰিছ বা তিমিৰ বমি উদ্ধাৰ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি কেজিত ইয়াৰ মূল্য এক কোটি টকা।
মাছমৰীয়াৰ পৰা সংগ্ৰহ কৰা এই বমি উপকূল আৰক্ষী কৰ্তৃপক্ষই বন বিভাগক গতাই দিছে। বন বিভাগে জনোৱা মতে, প্ৰকৃততে এম্বেৰগ্ৰিছ নে নহয় সেয়া পৰীক্ষা কৰিবলৈ ইয়াক ৰাজীৱ গান্ধী চেণ্টাৰ ফৰ বায়’টেকন’লজীলৈ প্ৰেৰণ কৰিছে।
এম্বাৰগ্ৰিছৰ এই আকাশলংঘী দাম হোৱাৰ কাৰণ হ’ল ইয়াৰ সুগন্ধি। তিমিৰ পাচনতন্ত্ৰত প্ৰস্তুত হোৱা এই পদাৰ্থ সুগন্ধি প্ৰস্তুতত ব্যৱহাৰৰ বাবে অতি মূল্যৱান হিচাপে পৰিগণিত হৈ আহিছে।
লগতে পঢ়ক কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?
মাস্কৰ দৰে সুগন্ধি তৈয়াৰ কৰিবলৈ এম্বেৰগ্ৰিছ ব্যৱহাৰ কৰা হয়। যিহেতু এই সামগ্ৰী সহজে উপলব্ধ নহয়, সেয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ দাম অতি বেছি।
তিমিৰ আটাইতকৈ ডাঙৰ প্ৰজাতি স্পৰ্ম ৱেলৰ এই এম্বেৰগ্ৰিছ উৎপন্ন কৰাৰ ক্ষমতা আছে। এই প্ৰজাতিটো বৰ্তমান ভাৰতত বিলুপ্ত হৈছে। সেয়েহে তিমি বচাবলৈ এম্বাৰগ্ৰিছ বিক্ৰী কৰাটোও ভাৰতত আইনগতভাৱে নিষিদ্ধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ