মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা ফটকা তৈয়াৰ কৰা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ৷
এই ঘটনাত থিতাতে নিহত হৈছে ৫জনকৈ শ্ৰমিকৰ আৰু ৫৬জনৰ কথমপি প্ৰাণ ৰক্ষা৷
নাগপুৰৰ পুলিছ কমিছনাৰ ৰবীন্দ্ৰ সিংঘালে জনাইছে এই তথ্য৷
ANI ত প্ৰকাশিত প্ৰতিবেদনমতে দুপৰীয়া ১ বজাত এই ঘটনা৷
নাগপুৰৰ হিংনা থানাত চামুণ্ডি এক্সপ্লোছিভ প্ৰাইভেট লিমিটেডত এই ঘটনা৷
নাগপুৰ চহৰৰ পৰা ২৫ কিঃমিঃ দূৰত এই কাৰখানা৷
বিস্ফোৰণত চিটিকি পৰিছে শ্ৰমিকৰ দেহ৷
ইতিমধ্যেই আহতসকলক হাস্পতালত ভৰ্তী কৰোৱা হৈছে৷
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখে কয় যে ঘটনাৰ লগে লগেই কাৰখানাৰ মালিক আৰু মেনেজাৰে পলায়ন কৰিছে৷
আৰক্ষীয়ে ইতিমধ্যেই কাৰখানাৰ মালিকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ