বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ
এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ। ৰাজস্থানৰ জয়পুৰৰ পৰা উৰা মৰা এখন বিমানে চেন্নাই বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। জয়পুৰ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল যদিও কাৰিকৰী দোষৰ বাবে চেন্নাই বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।
আজি ৩০ মাৰ্চ তাৰিখে পুৱা প্ৰায় ৫:৪৬ বজাত জৰুৰী অৱতৰণ বিমানখনৰ। প্ৰাথমিক তদন্তত বিমানখনৰ চকা ভাঙি থকা অৱস্থাত উদ্ধাৰ হয়। তথাপিও বিমানখনত হোৱা কাৰিকৰী দোষৰ আঁৰৰ কাৰণৰ সন্ধান অব্যাহত আছে।
এই বিমানখন স্পাইচজেট এয়াৰলাইন্সৰ। সূত্ৰ অনুসৰি পাইলটে বিমানখনৰ কাৰিকৰী দোষৰ বিষয়ে এটিচিক অৱগত কৰে, তাৰ পিছত বিমানখনক মাজ বাটত উভতি যাবলৈ নিৰ্দেশ দিয়া হয় আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিঘটনাৰ আশংকাত বিমানখন বাটতে চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে।
উৰণৰ সময়ত বিমানখনত ২৫০ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল। সকলো লোককে জৰুৰীকালীন গেটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ