অসম লাইভ২৪ঃ জীৱনত সফল হ’ব কোনেনো নুখুজে? পঢ়াশুনাই হওক বা চাকৰীৰ ক্ষেত্ৰতেই হওক সকলোক্ষেত্ৰতেই হওক সফলতা সকলোতেই কামনা কৰে। কিন্তু ভাৱিলেই জানো সফল হ’ব পাৰি? ধৈৰ্য্য আৰু সাহসক সংগী কৰি নিজৰ লক্ষ্যত অবিচল হৈ থাকিলেই সফলতা লাভ কৰিব। সফলতাৰ মুকুট এনে লোকৰ শিৰতহে শোভা পায়। এই সন্দৰ্ভত সকলোতকৈ ধনী ব্যক্তি বিল গেটছে দিছে কেইটামান বিশেষ টিপছ।
মাইক্ৰছফটৱেৰৰ সহ-প্ৰতিষ্ঠাতা বিল গেটছে দিয়া বিভিন্ন সাক্ষাৎকাৰত তৰুণ প্ৰজন্মক সফল হোৱাৰ মাপকাঠি জনাইছে। তৰুণ প্ৰজন্মৰ বাবে সফল হ’বলৈ ১০ টা বিশেষ টিপছ দিছে বিল গেটছে। প্ৰথমতেই তেওঁ কয় যে, দ্ৰুতভাৱে নিজৰ কাম কৰিব, কামৰ আইডিয়াৰ দিশত নজৰ দিব। যিমানেই কাম কৰিব সিমানেই আপুনি সফলতাৰ কাষ চাপি যাব।
দ্বিতীয়তে কৰ্মক্ষেত্ৰত সদায়ে নিজৰ সৰ্বস্ব দিয়ক। সময়ক সদায়ে গুৰুত্ব দিব। সময়ৰ সদব্যৱহাৰত সদায়ে গুৰুত্ব দিব। তৃতীয়তে হৈছে কথাতকৈ কাম বেছি কৰা। কাৰণ আমি যিয়েই নকৰো কিয় সময় এদিনত মাত্ৰ ২৪ ঘণ্টাই। ২১৪ ঘণ্টাৰ ভিতৰতেই আপুনি আপোনাৰ দৈনন্দিন কাম কৰিব লাগিব। সেয়ে সময় সদব্যৱহাৰ কৰক। কথাতকৈ কাম বেছি কৰক।
চতুৰ্থতে নিজকে নিজেই বশ কৰিবলৈ শিকক। সফলতাৰ পথত আগুৱাই যাবলৈ অন্যৰ সৈতে নিজৰ তুলনা কেতিয়াও নকৰিব। এনেকৈ কৰিলে নিজকেই অপমান কৰা হয়। নিজৰ স্বকীয় সত্তা আৰু চিন্তা শক্তিক কামত লগাওক যাতে অন্যই আপোনাক অনুসৰণ কৰে। বিল গেটছৰ ৫ নম্বৰ মন্ত্ৰটো হৈছে. কৰ্মক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ হোৱা। কামৰ প্ৰতি থকা ভালপোৱাৰ পৰাই দৃঢ়তাৰ জন্ম হয়। এই দৃঢ়তা আৰু ভালপোৱাই যিকোনো কঠিন কাম সহজ কৰি তোলে। আমাৰ মাজৰে বহুতেই স্ব-সমালোচনা নকৰে। এই স্ব-সমালোচনাকো সফলতাৰ আন এক মন্ত্ৰ বুলি জনাইছে বিল গেটছে। আপোনাৰ প্ৰতি কোনো ব্যক্তিয়ে অভিযোগ আনিলে সেয়া ভালকৈ শুনক। আৰু সেই সমালোচনাৰ পৰাই শিক্ষা গ্ৰহণ কৰি নিজক সংশোধন কৰক। বিল গেটছৰ মতে আপোনাৰ সমালোচকেই আপোনাৰ সফলতাৰ বাবে সঠিক পথ প্ৰদৰ্শকো।
ইয়াৰোপৰি নিজৰ লক্ষ্যৰ প্ৰতি সদায়ে আশাবাদী হ’ব লাগে। কাৰণ হতাশাৰ আন এক নাম ব্যৰ্থতা। নিজৰ সফলতাক লৈ সদায়ে আশাবাদী হওক। নিৰ্দিষ্ট লক্ষ্য থিৰ কৰি ৰাখক। নিজৰ লক্ষ্যত আপুনি কিমানদূৰ আগবাঢ়িছে তাৰ হিচাপ নিজেই ৰাখক। বিল গেটছৰ নৱম পৰামৰ্শ হৈছে, জীৱনৰ পৰা শিক্ষা লওক। জীৱনৰ প্ৰতিটো চেলেঞ্জেই কিবা নহয় কিবা শিক্ষা প্ৰদান কৰে।
দশম তথা চূড়ান্ত পৰামৰ্শ হৈছে, জীৱনৰ সকলো কঠিন পৰিস্থিতিত সন্মুখীন হ’লেহে পৰিস্থিতিক মানি লোৱাৰ ক্ষমতা বাঢ়ে। কাৰণ জীৱন কাৰোৰে বাবেই সহয় নহয়। আপুনি যিমানেই চেষ্টা নকৰক কিয় বহু ক্ষেত্ৰত আপোনাৰ আশে পাশে থকা মানুহৰ সৈতে আপোনাৰ মত নিমিলিব পাৰে। সেয়ে নিজৰ লক্ষ্যত অবিচল থাকি সকলো কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকক। তেনে লোক যিকোনো পৰিস্থিতিতেই সফল হয়েই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ