অসম লাইভ২৪ঃ আকৌ বিতৰ্কত ক্ৰিষ্টিয়ানো ৰোনাল্ডো। প্ৰকাশ্যে এগৰাকী মহিলাক চুম্বন কৰাৰ অপৰাধত ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি দিয়া হৈছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক বুলি এক সংবাদমাধ্যমে প্ৰকাশো কৰিছে। ঘটনাটো ইৰাণৰ। ৰোনাল্ডোৰ শাস্তিৰ কথা পোহৰলৈ অহাৰ পাছতেই ইৰাণ চৰকাৰে বিষয়টোক লৈ মন্তব্য কৰিছে। ঘটনাটো বিগত মাহৰেই। ছৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ ইৰাণৰ ক্লাবৰ বিৰুদ্ধে এছিয়ান চেম্পিয়ন্স লীগ মেচ খেলিবলৈ ইৰাণলৈ গৈছিল ৰোনাল্ডো। সেই সময়ত ফাতিমা হামামি নামৰ এজন চিত্ৰশিল্পীয়ে ৰোনাল্ডোক লগ কৰিবলৈ আহে। চিত্ৰশিল্পীগৰাকী আছিল বিশেষভাৱে সক্ষম। হাত দুখন সম্পূৰ্ণ অকামিলা যাৰবাবে তেওঁঁ দুভৰিৰ সহায়ত ছবি অংকন কৰে। ৰোনাল্ডোকো তেওঁ দুখনকৈ ছবি উপহাৰ দিছে।
ৰোনাল্ডোৱে বিশেষভাৱে সক্ষম যুৱতীগৰাকীৰ উপহাৰ গ্ৰহণ কৰি তেওঁৰ কঁপালত চুমা খায়। এই ঘটনাক লৈ বিতৰ্ক আৰম্ভ হয় ইৰাণত। সেই দেশৰ আইন অনুসৰি কোনো মহিলাৰ সৈতে সম্পৰ্কত থকা পুৰুষে অন্য নাৰীৰ শৰীৰ স্পৰ্শ কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। ৰোনাল্ডোৱে সেই দেশৰ আইন ভংগ কৰিছে। কাৰণ দীৰ্ঘদিন ধৰি জৰ্জিনাৰ ৰদ্ৰীগেজৰ সৈতে সম্পৰ্ক আছে ৰোনাল্ডোৰ। তেওঁলোকৰ সন্তানো আছে। তাৰপাছতো তেওঁ ইৰাণৰ আইন ভাঙি ফাতিমা নামৰ চিত্ৰশিল্পীগৰাকীক চুম্বন কৰিছে। ইৰাণৰ আইন অনুযায়ী এই কাৰ্যৰ বাবে তেওঁ ৯৯বাৰ বেত্ৰাঘাতৰ শাস্তি পাব পাৰে।
কিন্তু শাস্তিৰ খবৰ মিছা বুলি জনাইছে ইৰাণ চৰকাৰে। এক বিবৃত্তি অনুসৰি, ‘ইৰাণত এজন আন্তৰ্জাতিক ক্ৰীড়াবিদৰ শাস্তিক লৈ যি খবৰ ভাইৰেল হৈ আছে সেই খবৰ একেবাৰে অসত্য। এই ধৰণৰ খবৰে মানুহৰ মনত বিভ্ৰান্তি তৈয়াৰ কৰিছে। এনে ভুৱা খবৰ বিয়পাই নাথাকিব।’ বিবৃত্তিত লগতে কোৱা হৈছে, ‘১৮ আৰু ১৯ ছেপ্টেম্বৰত ফুটবল খেলিবৰ বাবে ইৰাণলৈ আহিছিল ৰোনাল্ডো। তাতেই তেওঁক স্বাগত জনাইছিল ইৰাণৰ বহুসংখ্যক অনুৰাগীয়ে। তাতেই চিত্ৰশিল্পী ফাতিমাৰ সৈতে তেওঁ পৰিচিত হৈছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ