অসম লাইভ২৪ঃ ফ’ৰ্বছ এছিয়াই প্ৰকাশ কৰিলে ভাৰতৰ ১০০ ধনী ব্যক্তিৰ তালিকা। এই তালিকাত আদানীক পিছপেলাই ১ নম্বৰ স্থান দখল কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন ততা মেনেজিং ডাইৰেক্টৰ মুকেশ আম্বানীয়ে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান বৰ্তমান ৯২ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৭.৬৫ লাখ কোটি টকা। অন্যহাতে এই তালিকাত দ্বিতীয় স্থানত আছে আদানী গ্ৰুপ অৰ্থাৎ গৌতম আদানী। এই বছৰ এই ধনকুবেৰৰ সম্পত্তি হ্ৰাস হোৱাৰ বাবেই ফ’ৰ্বছৰ তালিকাত দ্বিতীয় স্থানলৈ অৱনমিত হৈছে।
বিগত বৰ্ষত এই তালিকাত প্ৰথম স্থানত আছিল গৌতম আদানী। বৰ্তমান গৌতন আদানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৮ বিলিয়ন ডলাৰ। মুকেশ আম্বানী আৰু গৌতম আদানীৰ পাছত এই তালিকাত তৃতীয় স্থানত আছে এইছছিএলৰ প্ৰতিষ্ঠাতা শিৱ নাদাৰ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২৯.৩ বিলিয়ন ডলাৰ। এই বছৰ এইছছিএল টেক শ্বেয়াৰৰ ভেল্যু ৪২ শতাংশলৈ বৃদ্ধি পাইছে।
অ’পি জিন্দাল গ্ৰুপৰ সাবিত্ৰী জিন্দাল আছে চতুৰ্থ স্থানত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৪৬ শতাংশলৈ বৃদ্ধি পায় হৈছেগৈ ২৪ বিলিয়ন ডলাৰ। পঞ্চম স্থানত আছে ষ্টক মাৰ্কেটৰ অভিজ্ঞ ৰাধাকিছান দামানি। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪ বিলিয়ন ডলাৰৰো বেছি হ্ৰাস হৈ হৈছেগৈ ২৩ বিলিয়ন ডলাৰ। ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত ষষ্ঠ স্থান দখল কৰিছে চিৰাম ইনষ্টিটিউচ অফ ইণ্ডিয়াৰ এম ডি চাইৰাছ পুনুৱালাই। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ২০.৭ বিলিয়ন ডলাৰ।
ইয়াৰ পাছতেই আছে হিন্দুজা ফেমিলি। হিন্দুজা ফেমিলিৰ মুঠ সম্পত্তিৰ পৰিমান ২০ বিলিয়ন ডলাৰ। অষ্টম স্থানত আছে দিলীপ সাংঘভি। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ১৯.৫ বিলিয়ন ডলাৰ। ১৭.৫ বিলিয়ন ডলাৰেৰে নৱম স্থানত আছে কুমাৰ বিড়লা। আনহাতে দশম স্থানত আছে ছাপুৰ মিস্ত্ৰি এণ্ড ফেমিলি। ইয়াৰোপৰি এই তালিকাৰ উল্লেখযোগ্য বিষয়টো হৈছে ফ’ৰ্বছৰ তালিকাত নতুন তিনিটা নাম সংযুক্ত হৈছে। এই নতুন তিনি ব্যক্তিৰ প্ৰথমেই আছে পেইণ্টছ দানি। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৪বিলিয়ন। তেওঁ আছে ২২ নম্বৰ স্থানত। দ্বিতীয় নতুন সদস্য হৈছে ৰেণুকা জগতানি। তেওঁ লেণ্ডমাৰ্ক গ্ৰুপৰ চেয়াৰমেন। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৪.৮ বিলিয়ন ডলাৰ। তৃতীয় নতুন সদস্য হৈছে কেপি ৰামাস্বামী। ২.৩ বিলিয়ন ডলাৰেৰে তেওঁ ভাৰতৰ ১০০ নম্বৰ ধনী সদস্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















