সপোন দেখিছিল পিতৃয়ে, পুত্ৰও তেওঁৰ দৰেই নামজ্বলা ক্ৰিকেটাৰ হ’ব৷ কিন্তু ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি এই অপ্তবাক্যশাৰী যেন ক্ৰিকেটাৰৰ পুত্ৰৰ সৈতে বাৰুকৈয়ে খাপ খাই পৰিল৷ পুত্ৰক ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিব খোজা ক্ৰিকেটাৰ পিতৃৰ সন্মুখত বাধা হৈ থিয় দিলে পুত্ৰৰ লিংগ পৰিচয়৷ শিলপৰা কপৌৰ দৰে হঠাতেই সপোন চূৰমাৰ হ’ল পিতৃৰ৷ পুত্ৰৰ জাতীয় দলৰ হৈ খেলোৱাৰ সপোন ভঙা ক্ৰিকেটাৰগৰাকী হৈছে সঞ্জয় বাঙ্গাৰ৷ লিংগ পৰিবৰ্তন কৰিলে সঞ্জয় বাঙ্গাৰৰ পুত্ৰ আৰিয়ানে৷ আৰিয়ান এতিয়া অনন্য হ’ল৷ সেই কথা নিজেই জনাইছে আৰিয়ানৰ পৰা অনন্য হোৱা সঞ্জয় বাঙ্গাৰৰ পুত্ৰ হৈ জন্ম হোৱা আৰিয়ানে৷ তেওঁ বৰ্তমান কন্যা৷
বাঙ্গাৰ ভাৰতীয় দলৰ এগৰাকী ক্ৰিকেটাৰ আছিল৷ পাছলৈ তেওঁ কোচৰ দায়িত্বও লৈছিল৷ আই পি এলৰ কোচিং কৰাই তেওঁ৷ তেওঁৰ সন্তান কিন্তু পিতৃৰ পথেৰে নগ’ল৷ ২৩ বছৰীয়া আৰিয়ানক ক্ৰিকেটাৰ কৰাৰ সপোন পিতৃয়ে সৰুৰে পৰাই দেখিছিল৷ ইছলাম জিমখানা ক্লাবৰ হৈ খেলিছিল বাঙ্গাৰৰ পুত্ৰ আৰিয়ানে৷ পাছলৈ আৰিয়ান লণ্ডনলৈ যায়৷ তাতেই লিষ্টাৰশেয়াৰৰ হিংকল ক্ৰিকেট ক্লাবতো খেলিছিৱ বাওঁহতীয়া বেটাৰ আৰিয়ান বাঙ্গাৰে৷
এতিয়া আৰিয়ান আৰু আৰিয়ান ক্ৰিকেটাৰ হৈ থকা নাই৷ আৰিয়ানে নিজৰ লিংগ পৰিবৰ্তন কৰাই নতুন পৰিচয় লৈছে অনন্যা৷ ২০২১ চনত তেওঁ লিংগ পৰিবৰ্তন কৰাৰ সিদ্ধান্ত লয়৷ সেইমতেই হৰমোনেল ৰিপ্লেছমেণ্ট চাৰ্জাৰি হয়৷ বিগত ১০ মাহ ধৰি এই চিকিৎসা চলি আছিল৷ সেই সময়ৰ কথা সামাজিকমাধ্যমত তুলি ধৰিছে অনন্যাই৷ সেই ভিডিঅ’ত তেওঁৰ খেলাৰ ছবিসমূহ আছে৷ ইয়াৰোপৰি ২০-১৬ চনত বিৰাট কোহলি আৰু ২০১৭চনত মহেন্দ্ৰ সিং ধোনীৰ সৈতে তোলা ছবিও আছ৷
ভিডিঅ’ৰ কেপছনত তেওঁ লিখিছে, ‘ক্ৰিকেটাৰ হোৱাৰ সপোন মই ত্যাগ কৰিছো৷ বহু পৰিশ্ৰম কৰিবলগা হৈছে৷ ক্ৰিকেটৰ বাহিৰত আন এক যাত্ৰাও চলি আছিল৷ নিজৰ পৰিচয়কেন্দ্ৰীক যাত্ৰা৷ নিজক চিনি পোৱাৰ প্ৰচেষ্টা৷ আৰু সেই পথত বহু যুঁজ কৰিবলগা হৈছে৷ অৱশেষত নিজৰ সিদ্ধান্ততেই মই অটল আছো৷ নিজক ভালপাওঁ৷ নিজক লৈ মই গৰ্বিত৷’
লিংগ পৰিবৰ্তন কৰাৰ বাবেই পেছাদাৰী ক্ৰিকেটাৰ হোৱাৰ সপোন শেষ হৈছে অনন্যাৰ৷ কাৰণ ক্ৰিকেটৰ সৰ্বোচ্চ নিয়ামক সংস্থা আইচিচিৰ নিয়মত ৰূপান্তৰকামী বা ৰূপান্তৰিত মহিলা ক্ৰিকেট খেলাৰ কোনো নিয়ম নাই৷ মহিলা ক্ৰিকেটাৰৰ সুৰক্ষা আৰু খেলাৰ মাজত সাম্যতা বজায় ৰখাৰ বাবে ৰূপান্তৰকামীসকলক খেলাৰ সুযোগ দিয়া হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ