অৰ্জুন টেণ্ডুলকাৰ, বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে উৎসুকৰ কাৰণ৷ কিয়নো অৰ্জুন হৈছে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ পুত্ৰ৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ এখনো খেল নাপাই বহু অনুৰাগীক হতাশ কৰি তুলিছিল অৰ্জুনে৷
আই পি এলৰ মেগা নিলামত মুম্বাই ইণ্ডিয়ানছ-এ ৩০ লাখ টকাত ক্ৰয় কৰিছিল যদিও অনুৰাগীক হতাশ কৰিছিল অৰ্জুনে। হৃত্বিক শ্বকিনৰ পৰা কুমাৰ কাৰ্তিকেয়ালৈকে বেছিভাগ যুৱ ক্ৰিকেটাৰে অৰ্জুনক বাদ দি ফ্ৰেঞ্চাইজিক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছিল। এমআই বলিং প্ৰশিক্ষক শ্বেন বণ্ডে অৰ্জুনে চলিত ছিজনত এখনো মেচ নেখেলাৰ সন্দৰ্ভত কয় যে ২২ বছৰীয়া যুৱকজনে এতিয়াও তেওঁৰ দক্ষতা আৰু উন্নত কৰিব লাগিব।
বিষয়টোৰ ওপৰত গুৰুত্ব দি ভাৰতৰ প্ৰাক্তন অধিনায়ক, কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱে কয় যে অৰ্জুনে তেওঁ বহন কৰা উপাধিৰ বাবে সদায় অলপ অতিৰিক্ত চাপ অনুভৱ কৰিব। মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে নিৰ্ধাৰণ কৰা ক্ৰিকেটৰ মানদণ্ড আধুনিক সময়ৰ কোনো বেটছমেনে স্পৰ্শ কৰাতো সহজ নহয়৷ গতিকে তেওঁৰ পুত্ৰক এৰি দিয়ক। লগতে কপিল দেৱে কয় যে অৰ্জুনক তেওঁৰ দেউতাকৰ সৈতে তুলনা কৰা উচিত নহয়। অৰ্জুনক খেলিবলৈ অনুমতি দিয়া উচিত আৰু তেওঁ নিজেও অধিক খেল উপভোগ কৰিব লাগে।
লগতে পঢ়ক মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?
‘‘সকলোৱে তেওঁৰ বিষয়ে কিয় কথা পাতি আছে? কাৰণ তেওঁ শচীন তেণ্ডুলকাৰৰ পুত্ৰ। তেওঁক ক্ৰিকেট খেলিবলৈ দিয়ক আৰু শচীনৰ সৈতে তুলনা নকৰিব। টেণ্ডুলকাৰৰ নাম থকাৰ সুবিধা আৰু অসুবিধাও আছে। ডন ব্ৰেডমেনৰ পুত্ৰই তেওঁৰ নাম সলনি কৰিছিল। তেওঁ ব্ৰেডমেন উপাধিটো আঁতৰাই দিছিল কাৰণ সকলোৱে আশা কৰিছিল যে তেওঁ তেওঁৰ দেউতাকৰ দৰে বিশ্ব বিখ্যাত হ’ব৷’’ কপিল দেৱে কয়৷
যদিও তেওঁক প্ৰায়ে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে নেট বলাৰ হিচাপে ব্যৱহাৰ কৰা হয় তথাপিও অৰ্জুনে টি-২০ মুম্বাই লীগত মুম্বাইৰ হৈ মাত্ৰ দুখন টি-২০ খেলতহে অংশগ্ৰহণ কৰিছে।
অনুৰাগীলৈ কপিল দেৱেৰ আহ্বান যে অৰ্জুনৰ ওপৰত হেঁচা নিদিব। তেওঁ এজন যুৱক। তেওঁৰ পিতৃ শচীন টেণ্ডুলকাৰ৷ গতিকে তেওঁক কিবা ক’বলৈ আমি কোন? কিন্তু মই এতিয়াও অৰ্জুনক এটা কথা ক’ব বিচাৰো— ‘‘যোৱা আৰু নিজকে উপভোগ কৰা একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। যদি তুমি তোমাৰ পিতৃৰ দৰে ৫০ শতাংশও হ’ব পাৰা… ইয়াতকৈ ভাল একো নাই। যেতিয়া টেণ্ডুলকাৰ নামটো আহে, আমাৰ প্ৰত্যাশা বৃদ্ধি পায় কিয়নো শচীন মহান, ক্ৰিকেট ভগৱান৷’’ এই মন্তব্য ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ কপিল দেৱৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ