উচ্চতম ন্যায়ালয়ত অন্তবৰ্তী জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ ১ জুন, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ শেষ দফা পৰ্যন্ত কাৰাগাৰৰ বাহিৰত থাকিব পাৰিব কেজৰি৷ ২জুনত তেওঁ আকৌ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব৷ দিল্লীৰ আৱকাৰী দুৰ্নীতিকাণ্ডত বিগত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিক৷ তাৰ পিছৰে পৰাই বিগত ৫০ দিন কাৰাগাৰত আছিল কেজৰি৷
কেনে আছিল কাৰাগাৰৰ ৫০ দিন?
আৱকাৰী দুৰ্নীতিৰ গোচৰত ২১ মাৰ্চৰ নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আপ প্রধান কেজৰিৱালক৷ তাৰ পূৰ্বে তেওঁক ৯বাৰকৈ তলব কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই৷ কিন্তু তেওঁ হাজিৰ হোৱা নাছিল৷ ২১ মাৰ্চৰ নিশা ৭ বজাত তেওঁৰ ঘৰত উপস্থিত হয় ইডিৰ দল৷ প্ৰায় দুঘণ্টা সময় তালাছি অভিযান চলোৱাৰ অন্তত জব্দ কৰে কেজৰিৰ মোবাইল ফোন৷ তাৰপাছতেই নিশা ৯ বজাত গ্ৰেপ্তাৰ কৰে কেজৰিক৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ চৌদিশে ১৪৪ ধাৰাও জাৰি কৰা হয়৷ ২২ মাৰ্চত কেজৰিক দিল্লীৰ ৰাউছ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়৷ দিল্লীৰ মুখ্যমন্ত্ৰীক ১০ দিনৰ বাবে নিজৰ হেফাজতত ৰখাৰ আৱেদন কৰে ইডিয়ে৷ আদালতত হাজিৰ কৰাবলৈ লৈ যোৱাৰ মুহূৰ্তত কেজৰিয়ে কৈছিল কেইটামান শব্দ৷ কেজৰিয়ে কৈছিল, ‘মোৰ জীৱন দেশৰ প্ৰতি নিবেদিত৷’ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কেজৰিয়ে কৈছিল, ‘কাৰাগাৰৰ ভিতৰৰ পৰাই মই মানুহৰ বাবে সেৱা কৰি যাম৷’
কেজৰিৰ গ্ৰেপ্তাৰৰ পাছতেই ইডিয়ে স্পষ্টৰূপত জনাইছিল যে, কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ কিংপিন৷ ইডিয়ে লগতে উল্লেখ কৰিছিল যে কেজৰিক প্ৰতিৰোধ আইনৰ ধাৰা মানিয়েই কেজৰিক গ্ৰেপ্তাৰ কৰা হৈছে৷ আপ প্রধানৰ জামিনৰ বিৰোধিতা কৰি ইডিয়ে লগতে কয়, ‘কেজৰিয়ে আৱকাৰী দুৰ্নীতিৰ ধন নিৰ্বাচনত লগাইছে৷’ কেজৰিৱালক ৭ দিনৰ ইডিৰ হেফাজতত থকাৰ নিৰ্দেশ দিয়ে আদালতে৷ ২৮ মাৰ্চ পৰ্যন্ত ইডিৰ হেফাজতত থাকে কেজৰি৷ তাৰপিছতেই কেজৰিৰ ঠিকনা হয় তিহাৰ জে’ল৷
ইডিৰ গ্ৰেপ্তাৰীক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কেজৰিৰ অধিবক্তা৷ সেই গোচৰৰ শুনানি ঠিক হয় বিচাৰপতি সঞ্জীৱ খান্নাৰ নেতৃত্বাধীন ছুপ্ৰীম কৰ্টৰ বিশেষ বেঞ্চত৷ শুনানিৰ পূৰ্বেই গোচৰ প্ৰত্যাহাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে৷ গ্ৰেপ্তাৰ হ’লেও কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা নিদিলে আপ প্ৰধানে৷ বৰং কেজৰীৰ দলৰ তৰফৰ পৰা জনোৱা হয় যে কেজৰিয়ে মুখ্যমন্ত্ৰী থাকিব৷ দেশৰ ইতিহাসত কেজৰিয়েই প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতেই গ্ৰেপ্তাৰ হৈছে৷
এইসকলোক লৈ শেহতীয়াকৈ ছুপ্ৰিম কৰ্টৰ প্ৰশ্নৰ সন্মুখীন হৈছে ইডি৷ গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীয় খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বেঞ্চে ইডিৰ পৰা এই গ্ৰেপ্তাৰৰ সঠিক তথ্য বিচাৰে৷ কেজৰি গোচৰৰ শুনানি চলি থকাৰ সময়তে ৮মেত ছুপ্ৰীম কৰ্টে জনাইছিল কেজৰিৰ ওপৰত জাপি দিয়া গোচৰ সাধাৰণ গোচৰ নহয়৷ তাৰপাছতেই কেজৰিৰ অন্তবৰ্তীকালীন জামিনৰ আবেদন গ্ৰহণ কৰে কেজৰিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ