অসম লাইভ২৪ঃ অন্তঃসত্ত্বা অৱস্থাত স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত অন্যতম হৈছে ফলমূল। গৰ্ভস্থ শিশু আৰু মাতৃৰ শৰীৰৰ বাবে ফলৰ ভূমিকা অনবদ্য। চিকিৎসকে জনোৱা অনুসৰি, অন্তঃসত্ত্বা অৱস্থাত ফল খালে এই ক্ষেত্ৰত কিছু সতৰ্কতা মানি চলাটো জৰুৰী। কেইবিধমান ফল খালে অন্তঃসত্ত্বা অৱস্থাত সমস্যাৰ সৃষ্টি হয়।
অমিতা
অমিতাত লেটেক্স থাকে। অন্তঃসত্ত্বা অৱস্থাত অত্যাধিক অমিতা খালে অনিচ্ছাকৃত গৰ্ভপাতৰ সম্ভাৱনা থাকে। পেপেইন উৎসেচকযুক্ত খাদ্য অন্তঃসত্ত্বাৰ তৃতীয় সপ্তাহৰ পৰা এৰাই চলাটো ভাল। কিন্তু পকা অমিতা খাব পাৰে। ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে অন্তঃসত্ত্বাকালীন অৱস্থাত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। া
আনাৰস
আনাৰসৰ মাজত থাকে ব্ৰোমোলিন ফলত সময়ৰ আগতেই গৰ্ভযন্ত্ৰণা হোৱাৰ আশংকা থাকে। অন্তঃসত্ত্বা অৱস্থাত প্ৰথম সপ্তাহত অৱশ্যেই আনাৰসৰ পৰা দূৰত থকাটো প্ৰয়োজন। সন্তান জন্ম দিয়াৰ পূৰ্বে আনাৰস খোৱাত বাধা দিয়ে চিকিৎসকে।
আঙুৰ
অন্তঃসত্ত্বা অৱস্থাত আঙুৰ খোৱাটো অসুবিধা আছে। বহু চিকিৎসকে কোৱা অনুসৰি অন্তঃসত্ত্বা অৱস্থাত আঙুৰ এৰাই চলিব লাগে। বহুতেই আকৌ আঙুৰ খাবলৈকো পৰামৰ্শ দিয়ে। আঙুৰত প্ৰচুৰ পৰিমানে ‘পেষ্টিচাইট’ নামৰ ৰাসায়নিক পদাৰ্থ থাকে। যিয়ে গৰ্ভস্থ সন্তান আৰু মাতৃৰো ক্ষতি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ