অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি গজলক্ষ্মী যোগ অন্যতম গুৰুত্বপূৰ্ণ আৰু শুভ যোগ। এই যোগৰ প্রভাৱত ব্যক্তিৰ অৰ্থ, সম্পদ, প্ৰতিপত্তি লাভ হয়। বৃহস্পতি বক্ৰী হোৱাৰ ফলতেই এই যোগ তৈয়াৰ হৈছে। ৪ ছেপ্টেম্বৰতেই মেষ ৰাশিত বক্ৰী হৈছে বৃহস্পতিয়ে। তাৰ ফলতেই এই শুভ যোগ চলি আছে। এই ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকে বৃহস্পতিৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ জীৱনত প্ৰচুৰ উন্নতিৰ যোগ। তিনি ৰাশিৰ জাতকৰ জীৱন আৰু কেৰিয়াৰত বিশেষ উন্নতি দেখা গৈছে। বক্ৰী বৃহস্পতিৰ গজলক্ষ্মী ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ উন্নতি হ’ব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে গজলক্ষ্মী ৰাজযোগ শুভ। কাৰণ আপোৱাৰ ৰাশিৰ লগ্নৰ স্থানতেই বৃহস্পতি বক্ৰী হৈছে। ইয়াৰোপৰি বৃহস্পতি লগ্ন আৰু নৱম স্থানৰ অধিপতি। সেয়ে এই সময়ত মেষ ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব। আপোনাৰ সমস্ত পৰিকল্পনা সফল হ’ব। চাকৰিজীৱীসকলৰ প্ৰভাৱ বৃদ্ধি পাব। মুনাফা বৃদ্ধিৰো যোগ। ব্যৱসায়ত নতুন আইডিয়া কাৰ্যকৰী হ’ব। এই সময়ত মেষ ৰাশিৰ জাতকে কোনো গুৰুত্বপূৰ্ণ আৰু মজবুত সিদ্ধান্ত ল’লে সফল হ’ব। অংশীদাৰীত্বৰ কামত সফল হ’ব। ভাগ্যই লগ দিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব।
কৰ্কট ৰাশি
গদলক্ষ্মী ৰাজযোগ আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব। কাৰণ বৃহস্পতি আপোনাৰ কৰ্ম স্থানত বক্ৰী হৈছে। এই সময়ত কাম আৰু ব্যৱসায়ক সফলত লাভ কৰিব। বকেয়া ধন লাভ কৰিব। ব্যৱসায়ত লাভ হ’ব। চাকৰিৰ সন্ধানত থকাসকলে নতুন চাকৰি লাভ কৰিব পাৰে। পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব। জ্যোতিষ গণনা অনুসৰি বৃহস্পতি আপোনাৰ ৰাশিৰ ষষ্ঠ আৰু নৱম স্থানৰ অধিপতি। এই সময়ত আপুনি ভাগ্যৰ সংগ লাভ কৰিব। আইন আদালতৰ মামলাত জয়ী হ’ব এই ৰাশিৰ জাতক।
মীন ৰাশি
জ্যোতিষ গণনা অনুসৰি গজলক্ষ্মী ৰাজযোগ মীন ৰাশিৰ জাতকৰ বাবে শুভ। কাৰণ বৃহস্পতি আপোনাৰ ৰাশিৰ পঞ্চম স্থানত বক্ৰী হৈছে। এই সময়ত সন্তানৰ উন্নতিৰ সৈতে যুক্ত কোনো সু সংবাদ লাভ কৰিব। প্ৰেমত শুভ। ধন আৰু সন্মান বৃদ্ধি পাব। ইয়াৰোপৰি পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নীত হ’ব এই ৰাশিৰ জাতকৰ। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবেও সময় শুভ। বৃহস্পতি এই ৰাশিৰ অধিপতি সেয়ে গজলক্ষ্মী যোগ আপোনাৰ বাবে অত্যন্ত শুভ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ