এয়াই শিল্পী৷ শিল্পীয়ে জীৱনত কি ঘটে? নিজেই কোনো শিল্পী হ’ব নোৱাৰে৷ শিল্পীক পৰিচয় জনতাই দিয়ে৷ জুবিন শিল্পী আছিল৷ জুবিন কেৱল এজন গায়ক নাছিল, জুবিন আছিল অসমীয়া স্পন্দন৷ সেই জুবিন আজি কফিনত উভতি আহি আছে৷ জনতা স্বতস্ফুতভাৱে ৰাজপথলৈ ওলাই আহিছে৷ সমগ্ৰ অসমৰ জনতাই আহি ভিৰ কৰিছে মহানগৰীত৷ উদ্দেশ্য এটাই প্ৰিয় শিল্পীক এবাৰ কাষৰ পৰা চাই শেষ বিদায় জনাব৷
জুবিনে এদিন গৰিমাক কৈছিল-চাবা মই মৰিলে জনতাই মোক কেনেকৈ বিদাই দিবলৈ ওলাই আহিব৷ সেই কথাই সঁচা প্ৰতিফলিত হৈছে৷ জুবিনে কোৱাৰ দৰেই লাখ লাখ জনতা পথত ৰৈ আছে৷ কোনোবাই হিয়াধাকুৰি কান্দিছে যদি কোনোবাই ফুল দলিয়াই জয় জুবিন দা বুলি চিঞৰিছে৷ গৰিমাই জুবিনৰ কাষত বহি চাই ৰৈছে জনতালৈ৷ এয়াই জুবিন৷ কি আছিল জুবিন অসমীয়াৰ বাবে সেই কথাকেই যেন গৰিমাইয়ো অনুধাৱন কৰিছে৷ জুবিন ৰাইজৰ মানুহ, মঞ্চই জুবিনৰ ঘৰ বুলি কৈ অহা মানুহজনৰ বিদায় বেলাত সেয়েতো এই জনশ্ৰোত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















