অসম লাইভ ২৪ঃ মুছলমান পুৰুষৰ সৈতে হিন্দু মহিলাৰ দ্বিতীয় বিবাহৰ আইনী বৈধতা নাই৷ এখন লেখ আৱেদনৰ নিষ্পত্তি কৰি শেহতীয়াভাৱে এই ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ বিশেষ বিবাহ আইনৰ অধীনত এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায় ন্যায়ালয়ে৷ দীপামণি কলিতা নামৰ এগৰাকী মহিলাই তৰা গোচৰৰ ভিত্তিত ৰায় প্ৰদান কৰে উচ্চ ন্যায়ালয়ে৷ গুচৰীয়া দীপামণি কলিতাই বিশেষ বিবাহ আইনৰ অধীনত দ্বিতীয় বিবাহ সম্পন্ন কৰিছিল চাহাবুদ্দিন আহমেদৰ নামৰ এগৰাকী ব্যক্তিৰ সৈতে৷ ২০১৭ চনৰ ১৮ জুলাইত এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল দীপামণিৰ স্বামীৰ৷ মৃত্যুৰ পূৰ্বে চাহাবুদ্দিন আহমেদ কামৰূপ (গ্ৰাম্য)ৰ উপায়ুক্তৰ কাৰ্যালয়ত লাটমণ্ডল হিচাপে কৰ্মৰত হৈ আছিল৷ স্বামীৰ মৃত্যুৰ পাছত পেন্সনকে ধৰি যাৱতীয় সা-সুবিধাৰ পৰা বঞ্চিত দীপামণি কলিতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন লেখ আৱেদন দাখিল কৰে৷ ডব্লিউ পি (চি) ৬৮৬৭/২০১৯ নম্বৰৰ অধীনত দাখিল কৰে লেখ আৱেদন৷ শুনানি কালত ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে বিশেষ বিবাহ আইন-১৯৫৪ৰ অধীনত চাহাবুদ্দিন আহমেদ আৰু দীপামণি কলিতাৰ বিবাহ সম্পন্ন হৈছিল৷ কিন্তু প্ৰয়াত চাহাবুদ্দিন আহমেদৰ সৈতে প্ৰথমা পত্নীৰ বিবাহ বিচ্ছেদৰ কোনো নথিসম্বলিত তথ্য নাই৷ এইক্ষেত্ৰত আদালতৰ মজিয়াত বিশেষ বিবাহ আইনৰ ৪ নং দফাৰ পুংখানুপুংখভাৱে আলোকপাত কৰা হয়৷ লগতে উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰত দিয়া নীতি–নিৰ্দেশনা সন্দৰ্ভত আলোচনা কৰি উচ্চ ন্যায়ালয়ে দীপামণি কলিতাৰ লেখ আৱেদন খাৰিজ কৰে৷ অৱশ্যে দীপামণি কলিতাৰ সন্তানে এইক্ষেত্ৰত পেন্সনকে ধৰি অন্যান্য সা-সুবিধা পোৱাৰ যোগ্য বুলি বিবেচনা কৰি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ