বিহালী সমষ্টিত পৰাজয়ৰ পাছতেই গৌৰৱ গগৈৰ বিশেষ মন্তব্য৷
বিহালী সন্দৰ্ভত গৌৰৱে কৈছে-
বিহালীৰ পৰাজয়ৰ দায়িত্ব সম্পূৰ্ণ মই লৈছোঁ৷
জয়ন্ত বৰা যিদৰে আগবাঢ়ি গৈছিল, তেওঁ মন বেয়া কৰিব নালাগে৷
কংগ্ৰেছে আগতে এনে ভোট পোৱা নাছিল বিহালীত৷
বিজেপি এই বিজয়ত সন্তুষ্ট হব নালাগে৷
বিজেপিৰ দুৰ্বলতা ফদিল কৰিলোঁ, বিহলীবাসীক ধন্যবাদ৷
উত্তৰ অসমত আৰু অধিক সক্ৰিয় হৈ কাম কৰিম৷
চামগুৰিত যথেষ্ট ভাল হ’ব আমাৰ৷
ঢলাইত ভাল হৈছে, আমাৰ বিধায়ক নথকা সময়ত আমি ভাল ফলাফল দেখিছোঁ৷
আমাৰ ড্ৰ হৈছে, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ ফলাফল ড্ৰ৷
সদায় 24-25 হাজাৰ ভোটত হাৰি থাকো, কিন্তু 20-25 দিনত আমি 9 হাজাৰলৈ কমাব পৰিলো৷
চামগুৰিত আমাক ইমান হেঁচা প্ৰয়োগ কৰাৰ পাছতো আমি জিকিম৷
মহাৰাষ্ট্ৰত আমাৰ ফলাফল অলপ ভাল হ’লে আমি আগুৱাই আহিছোঁ বুলি কব পৰিলোঁহেতেন, কিন্তু এতিয়া ড্ৰ হল৷
বিজেপিয়ে আমাক ব্যক্তিগতভাৱে শত্ৰুতা কৰি থাকক, আমি ৰাইজৰ হকে কাম কৰি যাম৷
বিহালিত যে আমাৰ সিদ্ধান্ত সঠিক আছিল আজি প্ৰমাণ হল, (মিত্ৰতা সন্দৰ্ভত)৷
পঞ্চায়ত নিৰ্বাচন বিভিন্ন কাৰণ দৰ্শাই পিছুৱাই গৈ আছে, সোনকালে সকলো ঠিক কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















