ভাৰতৰ ধনকুবেৰ গৌতম আদানীয়ে বিশ্বৰ পঞ্চম গৰাকী ধনাঢ্য ব্যক্তি হিচাপে পৰগণিত হৈছে৷ ফ’ৰ্বছৰ তথ্য অনুসৰি আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ৱাৰেন বুফেটক পিছ পেলাই এই স্থান দখল কৰিছে৷
ফ’ৰ্বছৰ মতে ৫৯ বছৰীয়া আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১২৩.৭ বিলিয়ন মাৰ্কিন ড’লাৰ৷ শুকুৰবাৰে ৯০ বছৰীয়া বুফেটৰ ১২১.৭ বিলিয়ন মাৰ্কিন ড’লাৰক অতিক্ৰম কৰি আদানীয়ে এই স্থান লাভ কৰিছে৷
ফ’ৰ্বছৰ শেহতীয়া তথ্যৰ মতে এই উত্থানৰ দ্বাৰা গৌতম আদানীয়ে ভাৰতৰ সৰ্বাধিক ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ আদানীৰ সম্পত্তিৰ পৰিমাণে মুকেশ আম্বানিৰ ১০৪.৭ মাৰ্কিন ড’লাৰ সম্পদকো অতিক্ৰম কৰিছে৷
লগতে পঢ়ক ৬৬ বছৰত দ্বিতীয় বিবাহ কৰাব এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে, কইনা কোন?
ফ’র্বছৰ শেহতীয়া তথ্যৰ মতে বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তিৰ তালিকাত ২৬৯.৭ মাৰ্কিন ড’লাৰেৰে টেছলা আৰু স্পেছএক্সৰ মালিক ইলন মাস্কে প্ৰথম স্থানত থকাৰ বিপৰীতে ১৭০.২ মাৰ্কিন ড’লাৰেৰে জেফ বেজ’ছে দ্বিতীয় স্থানত আছে৷
আনহাতে ১৬৭.৯ বিলিয়ম মাৰ্কিন ড’লাৰেৰে তৃতীয় স্থানত বাৰ্ণাড আৰ্ণল্ট আৰু ১৩০.২ বিলিয়ন মাৰ্কিন ড’লাৰেৰে বিল গেটছে চতুৰ্থ স্থানত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ