ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষকৰ নাম ঘোষণা কৰিলে BCCIয়ে। গৌতম গম্ভীৰক ৰাহুল দ্ৰাবিড়ৰ ঠাইত দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে গৌতম গম্ভীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে কাম কৰিছিল। গৌতম গম্ভীৰে আই পি এল-২০২৪ত কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন হোৱাৰো সুযোগ দিছে। গৌতম গম্ভীৰ টিম ইণ্ডিয়াৰ নতুন প্ৰশিক্ষক হোৱাৰ পিছত ক্ৰিকেট অনুৰাগীৰ মনত প্ৰশ্ন৷ টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হৈ গৌতম গম্ভীৰে কিমান দৰমহা পাব? গৌতম গম্ভীৰৰ বৰ্তমান কিমান ধন-সম্পত্তি আছে?
গৌতম গম্ভীৰ কিমান সম্পত্তিৰ মালিক?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম গম্ভীৰক বিশ্বৰ ধনী ক্ৰিকেটাৰৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। ২০১৯ চনত গৌতম গম্ভীয়ে লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ নিৰ্বাচন আয়োগক জনোৱা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৪৭ কোটি টকা আৰু প্ৰতি বছৰে তেওঁ ১২.৫ কোটি টকা উপাৰ্জন কৰে। এক প্ৰতিবেদন অনুসৰি গৌতম গম্ভীৰ বৰ্তমান প্ৰায় ২৫০ কোটি টকাৰ মালিক৷
তেওঁৰ উপাৰ্জনৰ উৎস কি?
গৌতম গম্ভীৰ ২০১৯ চনৰ পৰা ২০২৪ চনলৈ লোকসভাৰ সদস্য হৈ আছে। প্ৰাক্তন সাংসদ হোৱাৰ বাবে গৌতম গম্ভীয়ে ভাৰত চৰকাৰৰ পৰা বছৰি ৩-৩.৫০ লাখ টকাৰ পেঞ্চন লাভ কৰে। ইয়াৰ উপৰিও তেওঁ প্ৰাক্তন সাংসদ হিচাপে কেইবাটাও ভাট্টা লাভ কৰে। য’ত ভ্ৰমণ, টেলিফোনৰ খৰচ আদিও অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও গৌতম গম্ভীয়ে মেচসমূহত কমেণ্টৰীৰ জৰিয়তেও উপাৰ্জন কৰে। য’ত তেওঁ প্ৰতিখন মেচৰ বাবে প্ৰায় ১.৫০ কোটি টকা লয়। গৌতম গম্ভীয়ে ২০১৮ চনলৈকে আই পি এল খেলিছিল৷ য’ত তেওঁ বিভিন্ন দলৰ সৈতে খেলি কোটি কোটি টকা উপাৰ্জন কৰিছিল। আই পি এল-২০২৪ত গৌতম গম্ভীয়ে কলকাতাৰ নাইট ৰাইডাৰ্ছৰ পৰা মেণ্টৰ হিচাপে কোটি কোটি টকা লৈছে। এই সকলোবোৰৰ বাহিৰেও গৌতম গম্ভীৰৰ বহু কোম্পানীত বিনিয়োগ আছে। ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্ট আৰু ৰিয়েল এষ্টেট কোম্পানীও অন্তৰ্ভুক্ত। এইসমূহৰ পৰা গৌতম গম্ভীয়ে প্ৰতি বছৰে ৭-৮ কোটি টকা উপাৰ্জন কৰে।
তেওঁৰ ঘৰৰ মূল্য কিমান?
গৌতম গম্ভীৰৰ ঘৰ দিল্লীৰ ৰাজেন্দ্ৰ নগৰত। এই ঘৰৰ দাম প্ৰায় ১৫ কোটি টকা৷ ইয়াৰ উপৰিও গৌতম গম্ভীৰৰ নয়ডাৰ জে পি উইচ টাউনতো এটা প্লট আছে। ইয়াৰ দাম প্ৰায় ৫ কোটি টকা। একে সময়তে গৌতম গম্ভীৰৰ গাঁৱৰ ঘৰটোৰ মূল্য ১ কোটি টকা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ গৌতম গম্ভীৰৰ পিতৃ দীপকৰ বস্ত্ৰ ব্যৱসায়ী। গম্ভীৰৰ পত্নী নতাছা জৈনৰো পৰিয়ালকেন্দ্ৰীক ব্যৱসায় আছে৷
বিলাসী গাড়ী আৰু দামী ঘড়ীৰ প্ৰতি আকৰ্ষিত গম্ভীৰ
ভাৰতীয় দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাৰ্চিডিজ, অ’ডি আৰু বিএমডব্লিউৰ দৰে বিলাসী গাড়ী কেইবাখনো আছে। গম্ভীৰক বেছিভাগ সময়তে মাৰ্চিডিজৰ জিএলএছ ছিৰিজত ভ্ৰমণ কৰা দেখা যায়। এই গাড়ীৰ মূল্য ১.৫০ টকাৰ পৰা ৩ কোটি টকা। ইয়াৰ উপৰিও গৌতম গম্ভীৰৰ অ’ডি কিউ-৫, টয়োটা ক’ৰ’লা আৰু মহিন্দ্ৰ বলেৰোৰ দৰে গাড়ী আছে। একে সময়তে গৌতম গম্ভীৰ দামী ঘড়ীৰ প্ৰতিও আকৰ্ষিত। গম্ভীৰে পৰিধান কৰে পানেৰাই লুমিনাৰ মেৰিন ঘড়ী, যাৰ দাম প্ৰায় ৫ লাখ টকা। ইয়াৰ উপৰিও গৌতম গম্ভীৰৰ হাতত আছে লাখ লাখ টকাৰ ঘড়ীৰ কেইবাটাও সংকলন।
প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?
টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰে বাৰ্ষিক দৰমহা পাব ১২-১৫ কোটি টকা। ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক আছিল ৰাহুল দ্ৰাবিড়, বিচিচিআইয়ে ১২ কোটি টকাৰ বাৰ্ষিক দৰমহা দিছিল দ্ৰাবিড়ক। ৰাহুল দ্ৰাবিড়তকৈ বিচিচিআইয়ে গৌতম গম্ভীৰক অধিক দৰমহা দিব পাৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ