পুনৰ বিতৰ্কিত মন্তব্যৰে দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে লোকসভাৰ সাংসদ তথা অল ইণ্ডিয়া মজিলছ-ই-ইট্টেহাদুল মুছলিমীন (AIMIM)ৰ চুপ্ৰিম’ আছাদুদ্দনি ওৱেছীয়ে৷
দেওবাৰে AIMIৰ প্ৰধানগৰাকীয়ে কয় যে হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব৷ তেওঁ জীয়াই নাথাকিলেও অৰ্থাৎ তেওঁৰ মৃত্যুৰ পিছত হ’লেও ভাৰতত এদিন হিজাব পিন্ধা ছোৱালীয়ে প্ৰধানমন্ত্ৰী হ’বই৷
দেওবাৰে নিজা টুইটাৰ হেণ্ডলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ ওৱেছীয়ে কয় যে অভিভাৱকে যুৱতীসকলক হিজাব পৰিধান কৰাত বাধা প্ৰধান কৰিব নেলাগে৷ বৰং তেওঁলোকক সমৰ্থনহে কৰিব লাগে৷
ওৱেছীয়ে দাবী কৰা মতে যুৱতীসকলক হিজাব পৰিধান কৰাত উৎসাহিত কৰিলে তেওঁলোকক কোনে স্তব্ধ কৰিব নোৱাৰে৷
‘‘মই চাবলৈ জীয়াই নাথাকিবও পাৰো৷ কিন্তু লিখি ৰাখক৷ এদিন হিজাব পিন্ধা যুৱতীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’বই৷’’ ওৱেছীয়ে নিজৰ ভাষণত এই দাবী কৰে৷
‘‘যদি আমাৰ ছোৱালীয়ে সিদ্ধান্ত লয় আৰু তেওঁলোকৰ পিতৃ-মাতৃক কয় যে তেওঁলোকে হিজাব পিন্ধিব বিচাৰে, তেন্তে তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক সমৰ্থন কৰিব লাগে। তেওঁলোকক কোনে বাধা দিব পাৰে চাওঁ আহক!’’ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা ওৱেছীয়ে লগতে কয়৷
ইফালে ওৱেছীৰ এই মন্তব্যৰ পিছতে বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দীনেশ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘বিৰোধীয়ে উত্তৰ প্ৰদেশত সাম্প্ৰদায়িকতা বিয়পাবলৈ ষড়যন্ত্ৰ কৰিছে। সমাজবাদী পাৰ্টিৰ বি টিমটো হৈছে এআইএমআইএম। উন্নয়নৰ সুভাস ৰাজ্যখনত আছে, সাম্প্ৰদায়িকতাৰ দুৰ্গন্ধৰ কোনো স্থান নাই৷’’
উল্লেখ্য যে বিজেপি শাসিত কৰ্ণাটকত আৰম্ভ হোৱা হিজাব বিতৰ্কই এতিয়া দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাই নহয়, ন্যায়ালয়ৰ মজিয়াও পাইছেগৈ৷
উচ্চতম ন্যায়ালয়ে হিজাব বিতৰ্কক ৰাষ্ট্ৰীয় বিতৰ্ক কৰা অনুচিত বুলি মন্তব্য কৰাৰ বিপৰীতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব কাণ্ডৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো শিক্ষানুষ্ঠানতে যিকোনো ধৰ্মীয় পোছাক পৰিধান কৰাতো নিষিদ্ধ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















