জেইলৰ পৰা ওলোৱাৰ পিছতে ক্ৰমশঃ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিছে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে৷
উল্লেখ্য যে যোৱা বৰ্ষৰ অক্টোবৰত মুম্বাইৰ পৰা গোৱা অভিমুখী এখন ক্ৰুইজ জাহাজৰ পৰা নাৰ্ক’ট্ৰিকছ কণ্ট্ৰ’ল ব্যুৰ’-এ আটক কৰাৰ পিছত ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক৷
ইয়াৰ পিছতে প্ৰায় ৩ সপ্তাহৰো অধিক দিন কাৰাৰুদ্ধ হৈ আছিল শ্বাহৰুখ খানৰ তয়ন আৰিয়ান খান৷ নিম্ন আদালতে বাৰে বাৰে জামিন খাৰিজ কৰাৰ পিছত অৱেশষত বোম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰে৷
ইফালে আৰিয়ান খানৰ বিৰুদ্ধে NCB-এ ষড়যন্ত্ৰ কৰাৰো একাধিক অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি এই অভিযোগৰ ভিত্তিতে NCBৰ মুম্বাইস্থিত আঞ্চলিক সঞ্চালক সমীৰ ৱাংখেড়েক বদলিও কৰা হয়৷
জামিন লাভ কৰাৰ পিছতে আৰিয়ান খানক কোনো ৰাজহুৱা স্থানতে দেখা পোৱা নগৈছিল৷ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত প্ৰথমবাৰৰ বাবে এক ইভেন্টত উপস্থতিত থকা দেখা গৈছে আৰিয়ান খানক৷
১২ ফেব্ৰুৱাৰিৰ পৰা ১৩ ফেব্ৰুৱাৰিলৈ মুম্বাইত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ উক্ত মেগা ইভেন্টত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ভগ্নী চুহানা খানৰ সৈতে উপস্থিত থকা দেখা গৈছে৷
স্মৰ্তব্য যে আইপিএলৰ কলকতা নাইট ৰাইডাৰ্ছৰ সহ স্বত্বাধিকাৰী হৈছে আৰিয়ান আৰু চুহানাৰ পিতৃ শ্বাহৰুখ খান৷ বলিউদৰ একালৰ মোহময়ী অভিনেত্ৰী তথা শ্বাহৰুখ খানৰ ঘণিষ্ঠ বান্ধৱী জুহি চাওলাৰ সৈতে কলকতা নাইট ৰাইডাৰ্ছৰ মালিকীস্বত্ব আছে কিং খানৰ৷
পিতৃৰ অনুপস্থিতিত আইপিএলৰ ২০২২ৰ খেলুৱৈ নিলামত ভগ্নীৰ সৈতে উপস্থিত থকা দেখা গৈছে আৰিয়ান খানক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ