বজাৰত উপলব্ধ কোভিডৰ নতুন প্ৰতিৰোধক৷ প্ৰতিষেধক, টেবলেটৰ উপৰি এইবাৰ বজাৰত উপলব্ধ হ’ল কোভিড নেজেল স্প্ৰে’৷ DCGIৰ অনুমোদন লাভ কৰিলে ভাৰতৰ প্ৰথমটো নাকৰ স্প্ৰে’ Fabisprayয়ে৷ মুম্বাইৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান Glenmark Pharmaceuticals য়ে প্ৰস্তুত কৰিছে Fabispray৷ কোভিডৰ বিৰুদ্ধে ৯৪ শতাংশ কাৰ্যকৰী Fabispray৷ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত প্ৰকাশ পাইছে এই তথ্য৷
Fabisprayৰ কেইটামান বিশেষ তথ্য—
- নাইট্ৰিক অক্সাইড নেজেল স্প্ৰে’ Fabispray প্ৰাপ্তবয়স্ক লোকেহে ব্যৱহাৰ কৰিব পাৰি৷ সংকটপূৰ্ণ কোভিড ৰোগীৰ ক্ষেত্ৰত কাৰ্যকৰী Fabispray৷
- গ্লেনমাৰ্কৰ মতে, শ্বাসনলীত কোভিড ভাইৰাছ ধ্বংস কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে এই স্প্ৰে’৷
- SARS-Cov-2 ৰ ওপৰত ভাইৰাছৰ প্ৰভাৱসহ এণ্টি-মাইক্ৰ’বিয়েল বৈশিষ্টযুক্ত Fabispray
- কোভিডৰ বিৰুদ্ধে শাৰিৰীক আৰু ৰাসায়নিক বাধা হিচাপে কাৰ্য কৰে Fabisprayয়ে৷ শ্বাস-প্ৰশ্বাস আৰু যকৃতৰ সংক্ৰমণৰ বিৰুদ্ধে কাৰ্যকৰী Fabispray৷
- ভাৰতত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত পোৱা তথ্য অনুসৰি ২৪ ঘণ্টাত ৯৪ শতাংশ আৰু ৪৮ ঘণ্টাত ৯৯ শতাংশ ভাইৰেল লোড হ্ৰাস কৰে স্প্ৰে’ৰ ব্যৱহাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ