ফেছবুকত ভাইৰেল এটা বিশেষ লেখা৷ লেখাটো পঢ়িলে আপুনিও শুভেচ্ছা জনাবলৈ ইচ্ছাপ্ৰকাশ কৰিব৷ লেখাটো সামাজিক মাধ্যমত লিখিছে কংকন বৰঠাকুৰ নামৰ ব্যক্তিজনে৷ তেওঁ লিখিছে,
‘‘ধেমাজিলৈ গৈ থকা বাছখন হঠাতে বাটত বেয়া হ’ল। কণ্ডাক্টৰজনে এই প্ৰখৰ গৰমকো নেওচি ৰাস্তাত শুই গাড়ীৰ তলত সোমাই মেৰামতি কৰাত লাগিল। মেৰামতিৰ কাম চলি আছে মাজে মাজে দুই এক যাত্ৰীৰ গালিও চলি আছে কণ্ডাক্টৰক উদ্দেশ্যি। তাৰ মাজতে বাৰে বাৰে কণ্ডাক্টৰজনৰ ফোনটো বাজি আছে। কামত ব্যস্ত কণ্ডাক্টৰে ফোনটো ধৰিব পৰা নাই কিজানি ফোন ধৰিলেই যাত্ৰীসকল অধিক উগ্ৰ হৈ পৰে কথা পাতি আছে বুলি। উৎকট গৰমৰ মাজত কাম শেষ কৰি যেতিয়া কণ্ডাক্টৰজন গাড়ীৰ তলৰ পৰা ওলাই আহিল তেতিয়া তেওঁ ঘামত জুৰুলি জুপুৰি। মুখখন হাতেৰেই মুচি বাৰে বাৰে আহি থকা ঘৰৰ ফোন নম্বৰটোত কল বেক কৰিলে। ফোনৰ সিটো মূৰত আনন্দত আত্মহাৰা জীয়েকৰ কণ্ঠ – দেউতা মই বিজ্ঞান প্ৰতিভা সন্ধান পৰীক্ষাত অসমৰ ভিতৰত স্থান লাভ কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু নাচালৈ যোৱাৰ সুবিধা পাইছো। কণ্ডাক্টৰৰ জীয়েক হ’ল গোলাঘাটৰ নিকিতা নেওগ। ঠগ প্ৰবঞ্চনা, ইজি মানি, লোকৰ টকাৰে বিলাসী জীৱন আদিৰে মানুহৰ মন অশান্ত কৰি ৰখাৰ সময়ত খবৰটো শুনি থৰ হৈ থিয় দি থাকিল এগৰাকী শ্ৰমজীৱি গৰ্বিত পিতৃ। লোকক ঠগি নহয়, ঘামে ধোৱা সংগ্ৰাম কৰি জীয়েকক শিক্ষিত কৰাৰ আৱেগে তেওঁক হয়তো খুন্দা মাৰি ধৰিছিল।’’
নিকিতা নেওগ নামৰ ছাত্ৰীগৰাকীয়ে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাটৰ মিছামৰাৰ বাহৰুৱা গাঁৱৰ নিকিতা দেৰগাঁও ৰেডিয়েণ্ট কলেজৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। নিকিতাই মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা আঁচনিৰ অধীনত অনুষ্ঠিত পৰীক্ষাত নিৰ্বাচিত হৈ ৰাজ্যৰ আন চাৰিগৰাকী ছাত্ৰীৰ সৈতে আজি দিল্লীৰ পৰা ইংলেণ্ডলৈ উৰা মাৰিছে৷
বাহৰুৱা গাঁৱৰ প্ৰাঞ্জল নেওগৰ কন্যা নিকিতাই ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা পৰীক্ষাত ৰাজ্যৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত হৈ লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ লগতে কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান আৰু গৱেষণাগাৰ দৰ্শন কৰাৰ লগতে এক কৰ্মশালাটো অংশ ল’ব৷ ছাত্ৰীগৰাকীৰ এই সাফল্যত সকলোৱে প্ৰশংসা কৰিছে৷ নিকিতাৰ লগতে যোৱা আন কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰি শুভেচ্ছা জনাইছে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ