সোনৰ দামত আকৌ পতন৷ সপ্তাহৰ আৰম্ভণিতেই সাধাৰণ মধ্যবিত্তৰ পৰা আৰম্ভ কৰি গহনা প্ৰেমীৰ মুখলৈ আকৌ হাঁহি উভতি আহিছে৷ আন্তৰ্জাতিক বজাৰৰ অৱস্থাৰ ওপৰিও ডলাৰৰ বিপৰীতে টকাৰ সামান্য শক্তিশালী অৱস্থান৷ এই দুই প্ৰভাৱৰ বাবেই দেশত সোনৰ দাম কমিছে৷ এইক্ষেত্ৰত ১ গ্ৰাম সোণত বৰ্তমান পূৰ্বৰ দামৰ তুলনাত কিছু সালসলনি আহিছে৷
সোণৰ দাম দীৰ্ঘ সময়ৰ পাছত কমিছে৷ যিসকলে সোণ ক্ৰয়ৰ ইচ্ছা কৰি আছিল তেওঁলোকৰ বাবে এয়াই দুৰ্দান্ত সুযোগ৷ দাম কিমান কমিব সেয়া নিৰ্ভৰ কৰে আন্তৰ্জাতিক পৰিস্থিতিৰ ওপৰত৷ দাম কম থকাৰ সময়ত সেয়ে সোণ ক্ৰয় কৰিব পাৰে সোণপ্ৰেমীয়ে৷
সোণৰ দামত এই পতন স্বল্পম্যাদী হলেও বিনিয়োগকাৰীৰ কাষলৈ এই সুযোগ আহিব পাৰে৷ দাম কিছু কম থকাৰ সময়ত সোণ কিনি থলে ভৱিষ্যতে তাৰপৰা ভাল ৰিটাৰ্ণ পাব পাৰে৷ বিশেষকৈ উৎসৱ বা বিবাহৰ বাবে যিসকলে গহনা ক্ৰয় কৰিব খোজে তেওঁলোকৰ বাবে এই দাম কমাৰ খবৰ নিশ্চয় স্বস্তিৰ খবৰ৷
বিশ্লেষকৰ মতে, মাৰ্কিন অৰ্থনীতিৰ সুদৰ হাৰ কমোৱা নহ’লে দাম কিছুদিন স্থিতিশীল বা নিম্নমুখী থাকিব পাৰে৷ দীৰ্ঘম্যাদত সোণ সকলোসময়তে নিৰাপদ বিনিয়োগ হিচাপেই বিবেচিত৷ সোমবাৰে সোণৰ দাম কিমান হৈছে দেশত? আজিৰ দিনটোত দেশত ২২ কেৰেট সোণৰ দাম হৈছে ১১৬৫০ টকা৷ ১৮ কেৰেটৰ দাম ৯৫৬৫ টকা হৈছে৷ ১ কিঃগ্ৰাঃ ৰূপৰ দাম হৈছে ১৫৫৩৮৪ টকা হৈছে৷ সোণ আৰু ৰূপ ক্ৰয়ৰ সময়ত ওপৰত দিয়া দামৰ সৈতেও আৰু ৩শতাংশ GST যুক্ত হ’ব৷ বিগত কেইবাবছৰত সোণালী ধাতুৰ দাম অভাৱনীয় হাৰত বৃদ্ধি হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ