সোণত বিনিয়োগ কৰাটোক সকলো সময়তে সুৰক্ষিত বুলি ধৰা হয়৷ সেয়ে সমগ্ৰ বিশ্বত যুদ্ধ আদি হলেই বিনিয়োগকাৰীসকলে সোণ কিনিবলৈ আৰম্ভ কৰে৷ আৰু ইয়াৰ ফলতেই সোণৰ দাম বাঢ়ে৷ তেনে ঘটনাই ঘটিছে চলিত বৰ্ষতো৷ বৰ্তমান সোণৰ দাম ১ লাখ টকাৰ ওপৰত আছে৷ পৃথিৱীত শান্তি উভতি আহিলে সোণৰ দাম কমাৰ সম্ভাৱনা থাকে৷ আৰু তেনে পৰিবেশেই আহি আছে বুলি বিশেষজ্ঞই জনাইছে৷ সেয়ে সোণৰ দামো আগন্তুক কেইটামাহৰ ভিতৰত কমিব পাৰে বুলি ভৱা হৈছে৷ বিশেষজ্ঞই ধাৰণা কৰিছে আগন্তুক কেইটামান মাহত ১০ গ্ৰাম সোণৰ দাম আকৌ ১ লাখৰ তললৈ আহিব পাৰে৷ আৰু তাৰ আঁৰত ক্ৰিয়া কৰিব পাৰে এই ৪কাৰণে৷
কিয় বাঢ়িছিল সোণৰ দাম?
প্ৰকৃততে বিগত কেইবামাহত ৰুদ্ধশ্বাস গতিত বাঢ়িছিল সোণৰ দাম৷ বিশেষকৈ যুদ্ধ, শুল্ক নীতিৰ বাবেই বৃদ্ধি পাইছিল সোণৰ দাম৷ এতিয়া সমগ্ৰ পৃথিৱী ধীৰে ধীৰে শান্ত হৈছে৷ সম্পৰ্কও ভাল হৈছে একাধিক দেশৰ মাজত৷ যাৰ ফলত কমি যাব পাৰে সোণ আৰু ৰূপৰ দাম৷
বিশেষজ্ঞই ধাৰণা কৰিছে বিশ্বৰ পৰিস্থিতি স্থিতিশীল হলে ১ লাখ টকাৰ তললৈ নামিব পাৰে ১০ গ্ৰাম সোণৰ দাম৷ জানি থওক ইয়াৰ আঁৰত কি কি কাৰণ৷
আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য চুক্তি
বিগত কেইবাবছৰ ধৰি আমেৰিকা আৰু চীনৰ সম্পৰ্ক বেয়া আছিল৷ যুদ্ধৰ পৰা শুল্ক, ছাপ্লাই একাধিক বিষয়ক লৈ চৰম উত্তেজনা আছিল৷ যাৰ ফলত পৃথিৱী অস্থিৰ পৰিস্থিতিৰ দিশলৈ আগুৱাইছিল৷ এই সমস্যা সমাধানৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে৷ আনকি আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য চুক্তিও খুব শীঘ্ৰেই হ’ব বুলি ধাৰণা কৰা হৈছে৷ আৰু তাৰ ফলত কমি যাব পাৰে সোণৰ দাম৷
ভাৰত আৰু আমেৰিকাৰ বাণিজ্য চুক্তি
পৃথিৱীত সকলোতকৈ বেছি সোণ কিনা দেশসমূহৰ মাজত দ্বিতীয় স্থানত আছে ভাৰত৷ মূৰত ৰাখিব আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি হৈ গলে সোণৰ দাম কমিব পাৰে৷ কাৰণ এই চুক্তিৰ পাছত ভাৰতত বিনিয়োগ বাঢ়িব৷ যাৰ ফলত ভাৰতীয় টকা আৰু ডলাৰৰ সাপেক্ষে শক্তি বৃদ্ধি কৰিব৷ আনকি অৰ্থনীতি শক্তিশালী হ’ব৷ ইয়াৰ ফলত সোণ কিনাৰ খৰচ কমিব৷ কেৱল সেয়াই নহয়, সোণৰ দামো হ্ৰাস হোৱাৰ আশংকা আছে৷
ইজৰায়েল হামাছ শান্তি চুক্তি
দীৰ্ঘদিন ধৰি চলা যুদ্ধৰ পাছত ইজৰায়েল আৰু হামাছৰ মাজত এতিয়া শান্তি প্ৰক্ৰিয়া চলিছে৷ যাৰ ফলত সমগ্ৰ পৃথিৱীতেই ইয়াৰ প্রভাৱ পৰিছিল৷ বাঢ়িছিল সোণৰ দামো৷ শেহতীয়াকৈ ইজৰায়েল আৰু হামাছৰ মাজত হোৱা শান্তি চুক্তিৰ পাছত সোণৰ দাম কমাৰ আশংকা আছে৷
পাকিস্তান আৰু আফগানিস্তানৰ মাজত সংঘৰ্ষ বিৰতি
পাকিস্তান আৰু আফগানিস্তানৰ সম্পৰ্ক এতিয়া পূৰ্বতকৈ ভাল হৈছে৷ যাৰ ফলত সোণৰ দামো হ্ৰাস পোৱাৰ আশংকা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















