অসম লাইভ২৪ঃ DAক লৈ ডাঙৰ ঘোষণা মোদী চৰকাৰৰ। যাৱতীয় জল্পনাৰ অৱসান ঘটাই ৪ শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। অক্টোবৰত পূজাৰ সময়তেই এই ভাল খবৰ কৰ্মচাৰীসকলৰ উদ্দেশ্যে দিছে মোদী শাসনাধীন চৰকাৰে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ মহাৰ্ঘ ভাট্টা ৪২ শতাংশৰ পৰা বাঢ়ি ৪৬শতাংশ হৈছেগৈ। উল্লেখ্য যে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক যুঁজ দিবৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰিছে।
উল্লেখ্য যে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ সহায়তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰে। বছৰত দুবাৰকৈ এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰা হয়। জানুৱাৰী আৰু জুলাই মাহত এই মহাৰ্ঘ ভাট্টা আপডেট কৰা হয়। এইবাৰ DA বঢ়োৱাৰ কথা অক্টোবৰত ঘোষণা কৰা হয়। অক্টোবৰত দৰমহাৰ সৈতে এইবাৰ ভাট্টাৰ ধনো যুক্ত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনভোগীসকলৰ মহাৰ্ঘ ভাট্টা আছিল ৪২ শতাংশকৈ। এই পৰিস্থিতিত মহাৰ্ঘ ভাট্টা ৪ শতাংশ বৃদ্ধি পাৰে। এই ভাট্টা ১ জুলাই ২০২৩ৰ পৰা বৃদ্ধি হৈছে। অৰ্থাৎ অক্টোবৰৰ দৰমহাৰ সৈতে ৪৬ শতাংশ হাৰত বকেয়া ভাট্টা পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। দেৱালীৰ আগে আগেই এই ধন একাউণ্টত সোমাব কৰ্মচাৰীৰ।
দৰমহা কিমান বাঢ়িব?
DA কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মূল দৰমহাৰ এটা অংশ হিচাপে গণনা কৰা হয়। যি হাৰত দেশত মুদ্ৰাস্ফীতি ক্ৰমে বাঢ়িবলৈ ধৰিছে, সেই মুদ্ৰাস্ফীতিৰ মাজত চৰকাৰী কৰ্মচাৰীসকলক স্বাস্তি দিবলৈকে মোদী চৰকাৰে এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰিছে। DA বাঢ়িলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি পাব। উদাহৰণ হিচাপে যদি কোনো কৰ্মচাৰীৰ দৰমহা ৩৬৫০০ হয় তেন্তে DA বৃদ্ধি হৈ তেওঁৰ দৰমহা ১৪৬০টকালৈ বৃদ্ধি পাব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৪৭লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনভোগী উপকৃত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ