পিপিএফ, পোষ্ট অফিচ এফ ডি, সুকন্যা সমৃদ্ধি যোজনা, নেশ্ব্যনেল ছেভিংছ চাৰ্টিফিকেটত সুদৰ হাৰ চতুৰ্থ ত্ৰিমাহিকৰ বাবে(১ জানুৱাৰী ২০২৬ৰ পৰা ৩১ মাৰ্চ ২০২৬)ৰ বাবে অপৰিবৰ্তিত ৰাখিছে কেন্দ্রই৷ অৰ্থমন্ত্ৰণালয়ে ৩১ ডিচেম্বৰত বিজ্ঞাপ্তি প্ৰকাশৰ মাধ্যমেৰে এই ঘোষণা কৰিছে৷
অৰ্থমন্ত্ৰণালয়ৰ অৰ্থনৈতিক বিষয়ক বিভাগে ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে এক চৰকাৰী বিজ্ঞাপ্তিত জনাইছে যে ২০২৫-২০২৬ অৰ্থবৰ্ষৰ চতুৰ্থ ত্ৰিমাহিকৰ বাবে যি ১ জানুৱাৰী ২০২৬ চনৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চ ২০২৬ত শেষ হব৷ বিভিন্ন ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পৰ সুদৰ হাৰ ২০২৫-২৬ অৰ্থবৰ্ষৰ তৃতীয় ত্ৰিমাহৰ বাবে ঘোষিত হাৰৰ দৰেই অপৰিবৰ্তিত থাকিব৷
ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পসমূহত সৰ্বশেষ সুদৰ হাৰ
সুকন্যা সমৃদ্ধি যোজনাঃ সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত জমাৰ ওপৰত ৮.২ শতাংশ সুদৰ হাৰ প্ৰযোজ্য থাকিব৷
তিনি বছৰৰ পোষ্ট অফিচৰ ম্যাদি আমানতঃ তিনি বছৰৰ ম্যাদি আমানতৰ সুদৰ হাৰ ৭.১ শতাংশ অপৰিবৰ্তিত আছে৷
পাব্লিক প্ৰভিডেণ্ট ফাণ্ড আৰু পোষ্ট অফিচ ছেভিংছ ডিপোজিটঃ পাব্লিক প্ৰভি়ডেণ্ট ফাণ্ড আৰু পোষ্ট অফিচ ছেভিংছ ডিপোজিট প্ৰকল্পৰ সুদৰ হাৰ যথাক্ৰমে ৭.১ শতাংশ আৰু ৪ শতাংশ অপৰিবৰ্তিত থাকিব৷
কিষাণ বিকাশ পত্ৰঃ কিষাণ বিকাশ পত্ৰৰ সুদৰ হাৰ হব ৭.৫শতাংশ আৰু বিনিয়োগ ১১৫ মাহত মেচিউৰ হব৷
নেশ্ব্যনেল ছেভিংছ চাৰ্টিফিকেটঃ নেশ্ব্যনেল ছেভিংছ চাৰ্টিফিকেটত সুদৰ হাৰ ৭.৭শতাংশই থাকিল৷
মাহিলী আয় প্ৰকল্পঃ মাহিলী আয় প্ৰকল্পত বিনিয়োগকাৰীয়ে ৭.৪ শতাংশ সুদৰ হাৰ পাব৷
চৰকাৰে ২০২৩-২৪ বৰ্ষত কিছু প্ৰকল্পৰ হাৰ সংশোধন কৰিছিল৷ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পসমূহৰ সুদৰ হাৰ চৰকাৰে প্ৰতি তিনিমাহত ঘোষণা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















