এইবাৰ গুগল পেতো পাব গোল্ড লোন৷ জিপে বা গুগল পেৰ মাধ্যমেৰে ভাৰতত গোল্ড বেকড লোন দিয়াৰ বাবে মুথুট ফাইনেঞ্চৰ সৈতে যুঁটি বান্ধিছে গুগলে৷ সম্প্ৰতি ভাৰতত চলি আছে গুগল ফৰ ইণ্ডিয়া ইভেণ্ট৷ এই বছৰ আছিল দশম সংস্কৰণ৷ তাতেই গোল্ড লোন সংক্ৰান্তীয় ঘোষণা কৰা হৈছে৷ গোল্ড লোনৰ ওপৰিও ভাৰতীয় ভাষাত গুগলৰ, ‘এ আই এছিচটেণ্ট’ অহাৰ ঘোষণাও হৈছে৷ ইউ পি আই লেনদেনৰ সৌজন্যত গুগল পে এতিয়া যথেষ্ট জনপ্ৰিয় এপ৷ সেই এপৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ লেনদেন দৈনিক কৰা হয়৷
লেনদেনৰ ওপৰিও বিভিন্ন ফাইনেন্সিয়েল চাৰ্ভিছ দিয়ে গুগল পেই৷ সেই লক্ষ্যতেই আৰু এঢাপ আগুৱাই গৈছে এই তথ্য প্ৰযুক্তি সংস্থা৷ এইবাৰ গোল্ড লোন পাব এই এপৰ জৰিয়তেই৷ গুগল ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ ৰমা দত্ত চৌবে জনাইছে যে বিশ্বৰ ১১ শতাংশ সোন আছে ভাৰতীয়ৰ ঘৰত৷ এই বিপুল সোনৰ মাধ্যমেৰেই লোনৰ সুবিধা দিব গুগলে৷ সাধাৰণ মানুহৰ সাধ্যৰ মাজতেই এই লোন দিয়াৰ আশ্বাস দিছে গুগলে৷ গুগলৰ কৃত্ৰিম বুদ্ধিমত্তা এছিচটেণ্ট হৈছে জেমিনি৷ এ আইৰ সহায়ক জেমিনি৷ বিশ্বৰ বিভিন্ন ভাষাত এই সহায়কে কাম কৰে৷
গুগল কৰ্তৃপক্ষই জনাইছে যে ভাৰতৰ ৪০শতাংশ জেমিনি ব্যৱহাৰকাৰী ভয়েছৰ মাধ্যমেৰে ভাৱৰ আদান প্ৰদান কৰে৷ তাৰবাবে আঞ্চলিক ভাষাত এই পৰিসেৱা বিস্তৃত কৰিব বিচাৰিছে গুগলে৷ এতিয়া কেৱল হিন্দীতেই এই পৰিসেৱা পোৱা যায়৷ ভৱিষ্যতে বাংলা, মাৰাঠি, গুজৰাটি, মালায়ালাম, তেলেগু, কন্নৰ, তামিল আৰু উৰ্দুতো জেমিনি পৰিসেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে গুগল ইণ্ডিয়াই৷ কেই সপ্তাহৰ ভিতৰত জেমিনি বাংলা, মাৰাঠি আৰু তেলেগুত পৰিসেৱা আৰম্ভ হ’ব৷ ধীৰে ধীৰে বাকী ভাষাতো এই পৰিসেৱা পোৱা যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ