অসম লাইভ২৪ঃ এটা সময় আছিল নতুন বছৰ বুলিলেই শুভেচ্ছা বাৰ্তা ল’বলৈ দিবলৈ অপেক্ষা কৰিছিল এখন গ্ৰীটিংছ কাৰ্ডলৈ৷ এই অপেক্ষাৰ আঁৰত আছিল ক’ত কাতৰ উশাহ৷ কি লিখিব প্ৰিয়জনে৷ ডাকোৱালে কঢ়িয়াই অনা কাৰ্ডখন খুলি চোৱাৰ মাদকতা আছিল অনন্য৷ কি চহৰ, কি গাওঁ সকলোৱে গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তেই পঠিয়াইছিল প্ৰিয়জনলৈ শুভেচ্ছা বাৰ্তা৷
বহুতেই আকৌ নিজৰ পছন্দমতে নিজ হাতে তৈয়াৰ কৰিছিল গ্ৰীটিংছ কাৰ্ড৷ নতুন বছৰ অহাৰ লগে লগে দোকানসমূহতো গ্ৰীটিংছ কাৰ্ড কিনিবলৈ ভিৰ কৰিছিল সকলো প্ৰজন্মৰ লোকেই৷ সেয়া আছিল এসময়ৰ কথা৷ এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ, ৮০-৯০ ৰ দশকৰ ব্যক্তিৰ বাবে এখিনি হেৰাই নোযোৱা আৱেগ৷
সময় সলনি হৈছে৷ প্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িছে প্ৰজন্ম৷ সলনি হৈছে ভাৱ বিনিময়ৰ মাধ্যম৷ এতিয়া নতুন বছৰ বুলিলেই শুভেচ্ছা বাৰ্তা পাবলৈ, ডাকোৱালৰ জোলোঙাত কাৰ্ড এখন অহালৈ সেই অপেক্ষাৰ সময়খিনি আজিৰ প্ৰজন্মই মুঠেও নাজানে৷ বাৰ্তা আঙুলিৰ মূৰতেই চেকেণ্ডত কাষ পায় প্ৰিয়জনৰ৷ বিশ্বৰ এটা মূৰৰ পৰা আনটো মূৰলৈ বাৰ্তা যাবলৈ মাত্ৰ টাইপ কৰাৰ বিশেষ সময়খিনিয়েই৷ সামাজিক মাধ্যম ইউজাৰকাৰীৰ সংখ্যাও অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে৷
মানুহৰ জীৱনযাত্ৰাৰ ধৰণতো আহিছে ব্যাপক পৰিবৰ্তন৷ পুৰাতন সময় সোঁৱৰণিতেই ভাললাগে বুলিয়েই বহুতে দাবী কৰে যদিও বৰ্তমানো কিন্তু গুৱাহাটী মহানগৰৰ একাংশ দোকানত নতুন বছৰ বুলিয়েই আঁৰি থোৱা হৈছে একাংশ গ্ৰীটিংছ কাৰ্ড৷ সেয়া প্ৰিয়জনৰ হাতত তুলি দিয়ে নে নিদিয়ে সেই সিদ্ধান্ত কিন্তু কেৱল আপোনাৰ…৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ