পূৰ্ণগতিত চলি আছে বিয়াৰ প্ৰস্তুতি। দৰা-কইনা দুয়োজনেই বিয়াৰ সাজ-পোছাক পিন্ধিছে। বিয়াৰ অনুষ্ঠানৰ বাবে আত্মীয়-স্বজন, বন্ধু-বান্ধৱীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু ইফালে দৰাৰ কাণ্ড দেখি সকলো হতবাক হৈ পৰে!
শেহতীয়াকৈ চীনৰ এখন বিবাহৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত বিয়াৰ পূৰ্বে দৰাই নিজৰ কইনাৰ বাবে এটা ডাঙৰ ছাৰপ্ৰাইজৰ পৰিকল্পনা কৰে।
বিয়াত নিজেই কইনাৰ বাবে এটা এটা ভিডিঅ’ কৰিছিল দৰাই। আৰু ভিডিঅ’টো চোৱাৰ লগে লগে আৰম্ভ হ’ল দৰা-কইনাৰ মাজত কাজিয়া। বিবাহস্থলীত উপস্থিত থকা সকলোৱে আচৰিত হয়, আচলতে সেই ভিডিঅ’টোত কি আছে?
লগতে পঢ়ক ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী
দৰাচলতে দৰাজনে ইতিমধ্যে অনুমান কৰিব পাৰিছিল যে তেওঁৰ প্ৰেমিকা তথা কইনাই তেওঁক প্ৰতাৰণা কৰি আহিছে। সেয়ে বহুদিন ধৰি তেওঁ প্ৰেমিকাৰ ওপৰত চকু ৰাখিছিল। শেষত তেওঁ গম পায় যে তেওঁৰ ভৱিষ্যৎ পত্নীৰ গৰ্ভৱতী আৰু ভনী জোঁৱাইৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। দৰা অৰ্থাৎ প্ৰেমিকে কথাটো তেওঁ হজম কৰিব পৰা নাছিল। প্ৰেমিকা আৰু ভনী জোঁৱাইৰ মাজত হোৱা কিছুমান অন্তৰংগ মুহূৰ্ত ৰেকৰ্ড কৰি প্ৰেমিকে এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল৷ আৰু তেওঁৰ প্ৰেমিকাৰ গোপন অধ্যায় উন্মোচন কৰিবলৈ তেওঁ বিয়াৰ দিনটোকে বাছি লৈছিল।
ইফালে এই কথাত কইনাৰ প্ৰচণ্ড খং উঠিল। ভিডিঅ’টোক এতিয়া নেটনাগৰিকৰ মাজত গৰম আলোচনা৷ যুৱকজন সঠিক নে ভুল নহয় সেয়াও এই আলোচনাৰ বিষয়৷
বহুতে এগৰাকী যুৱতীৰ গোপন মুহূৰ্ত সকলোৰে আগত প্ৰকাশ কৰাটো সঠিক নেকি বুলিও প্ৰশ্ন কৰিছে। বহুতে কয় যে যুৱকজনে যি কৰিছে ভালেই কৰিছে, এনেকৈ প্ৰতাৰণা কাৰোবাসকলক এনে শিক্ষাই দিব লাগে বুলিও একাংশই মন্তব্য কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ