দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসন কঠোৰ হ’লেও কিছুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে সাধাৰণৰ লোকৰ পৰা উৎকোচ লোৱা বন্ধ কৰাৰ নাম গোন্ধই নাই৷
বৃহস্পতিবাৰেও ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত এগৰাকী বিষয়াসহ এজন কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে৷ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকৰী বিভাগৰ কাৰ্যালয় সহায়কক।
দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বোকাখাত মহকুমা আবকৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকনক।
লগতে পঢ়ক মেট্ৰ’ত মহিলা আসনৰ পাছফালে কণ্ডমৰ বিজ্ঞাপন, ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা
গ্ৰেপ্তাৰ হোৱাৰ সময়ত লোহিত ফুকনে বিলাতী সুৰাৰ ব্যৱসায়ী নীলোৎপল ৰাজখোৱাৰ পৰা উৎকোচ গ্ৰহণ কৰি আছিল৷
ইফালে বৃহস্পতিবাৰে তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়েও দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হয়।
গ্ৰেপ্তাৰ হোৱাৰ ঘোচখোৰ কৰ্মচাৰীজন হৈছে গোপীনাথ দাস৷ উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গোপীনাথ দাসক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ