বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহসমূহে বিভিন্ন সময়ত বিভিন্ন ৰাশিলৈ গমন কৰে৷ ইয়াৰ ফলত শুভ আৰু ৰাজযোগ সৃষ্টি হয় বহুসময়ত৷ ১২ বছৰৰ পাছত দেৱগুৰু বৃহস্পতিয়ে অক্টোবৰত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব যাৰ বাবে হংস মহাপুৰুষ ৰাজযোগ তৈয়াৰ হব৷ ১২ বছৰৰ পাছত এই যোগ তৈয়াৰ হব৷ যাৰ ফলত কিছু ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ সময় আৰম্ভ হব৷ ইয়াৰোপৰি এইসমূহ ৰাশিৰ জাতক জাতিকাৰ আয় বৃদ্ধি পাব পাৰে৷ চাকৰিতো পদোন্নতিৰ সম্ভাৱনা আছে৷ জানি থওক এই ভাগ্যবান ৰাশিসমূহ কি কি?
বৃশ্চিক ৰাশি
হংস মহাপুৰুষ ৰাজযোগ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব পাৰে৷ এই সময়ত সৌভাগ্যই দেখা দিব পাৰে ইয়াৰোপৰি এই সময়ত ধৰ্মীৰ কামত আগ্ৰহ বৃদ্ধি পাব পাৰে৷ এই সময়ত কোনো ভ্ৰমণৰ সুযোগ তৈয়াৰ হব পাৰে৷ বিশেষকৈ যদি আপুনি বিদেশত কাম কৰে চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে৷
তুলা ৰাশি
হংস ৰাজযোগ তুলা ৰাশিৰ জাতকৰ বাবে খুবেই শুভ হব৷ এই সময়ত পদোন্নতি, নতুন দায়িত্ব বা সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব পাৰে৷ এই সময়ত নেতৃত্বৰ ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব৷ ফলত সহকৰ্মী আৰু ছিনিয়ৰৰ পৰা প্ৰশংসা পাব পাৰে৷ ইয়াৰোপৰি নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পদোন্নতিৰ সুযোগ তৈয়াৰ হব পাৰে৷ ভ্ৰমণ লাভজনক হব আৰু ব্যৱসায়ত লাভ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি পাব পাৰে৷ ইয়াৰ সৈতে পিতৃৰ সৈতে সম্পৰ্ক আৰু উন্নত হব৷
কন্যা ৰাশি
হংস ৰাজযোগ এই ৰাশিৰ বাবে খুবেই শুভ৷ কাৰণ এই সময়ত কন্যা ৰাশিৰ জাতক জাতিকাৰ আয় ভালধৰণে বৃদ্ধি পাব পাৰে৷ ইয়াৰোপৰি এই সময়ত বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে৷ এই সময়ত আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ বিনিয়োগৰ পৰা লাভৱান হব পাৰে৷ ইয়াৰোপৰি বেংকিং, বিপণন বা মিডিয়াৰ দৰে ক্ষেত্ৰত থকা ব্যক্তিয়ে কথোপকথনৰ মাধ্যমেৰে লেনদেন কৰিব পাৰে৷ এই সময়ত শ্বেয়াৰ বজাৰ, লটাৰীৰ পৰা লাভৱান হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















