বৃহস্পতিবাৰে ১০ জুলাইত গুৰু পূৰ্ণিমা৷ হিন্দু ধৰ্মমতে, এই দিনটোত বেদ সংকলনকাৰী আৰু মহাভাৰত মহাকাব্য ৰচনাকাৰী মহৰ্ষি বেদব্যাসৰ জন্ম হৈছিল৷ এই দিনটো ব্যাস পূৰ্ণিমা নামেৰেও বিখ্যাত৷ এইবছৰৰ গুৰুপূৰ্ণিমা অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ জ্ঞান আৰু শুভতাৰ প্ৰতীক হিচাপে বিবেচিত বৃহস্পতি গ্ৰহ মিথুন ৰাশিতেই থাকিব৷ বিগত ১২ জুন বৃহস্পতি মিথুন ৰাশিত অস্ত গৈছে৷
গুৰুপূৰ্ণিমাৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ ৯ জুলাইৰ নিশা ১০ বাজি ৫০ মিনিটত উদিত হৈছে দেৱগুৰু৷ বৃহস্পতিৰ এই উদয় গুৰুপূৰ্ণিমাৰ দিনটোক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিছে৷ যাৰ ইতিবাচক প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ গুৰুপূৰ্ণিমাত সলনি হ’ব কাৰ কাৰ ভাগ্য?
মিথুন ৰাশি
বৃহস্পতিৰ উদয়ে মিথুন ৰাশিৰ ভাগ্য উদয় কৰিব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷ বিনিয়োগৰ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তিয় দুশ্চিন্তা কমিব৷
কন্যা ৰাশি
বৃহস্পতিক প্ৰভাৱ কন্যা ৰাশিৰ বাবে লাভজনক হব৷ বহুদিন ৰৈ থকা কাম এইবাৰ শেষ কৰিব পাৰিব৷ চাকৰিজীৱীৰ বাবে ভাল সময়৷ ব্যৱসায় আৰু সুৰক্ষিত হ’ব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷
বৃশ্চিক ৰাশি
দেৱগুৰুৰ কৃপাত বৃশ্চিক ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পুৰণি ঋণৰ হাতৰ পৰা মুক্তি পাব৷ চৰকাৰী চাকৰি লাভৰ সুযোগ আহিব পাৰে৷ আৰ্থিক সংকট দূৰ হব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মসূত্ৰে বিদেশ ভ্ৰমণৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















