মহানগৰীতে বিবাহৰ ৬ দিনতে স্বামী ঘৰৰ পৰা টানি উলিয়াই দিয়া হ’ল নবিবাহিতা পত্নীক।
জোখতকৈ চাপৰ হোৱাৰ বাবেই ঘৰৰ পৰা উলিয়াই দিলে শাহু শহুৰৰ লগতে স্বামীয়ে।
মহানগৰীৰ ওদালবাক্ৰা নিজৰা পথত এই ঘটনা৷
বিবাহৰ আঠমংগলা নাযাওঁতেই ঘৰৰ পৰা উলিয়াই দিলে নৱবিবাহিত বোৱাৰীক।
স্বপ্না দাস আৰু ৰানা দাসৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ দাসে ২ জুনত মায়ংৰ পৰা ৰাজহুৱাকৈ বিয়া পাতি আনিছিল যুৱতীগৰাকীক৷
দেওবাৰে আঠমঙলা আছিল যদিও দৰাপক্ষ নগ’ল কইনা ঘৰলৈ৷
সোমবাৰে নৱবিবাহিত মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই দিছে পৰিয়ালে।
বিগত ৭ টা দিনে কইনাৰ ওপৰত অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে৷
ওদালবাক্ৰা আৰক্ষী আহি বোৱাৰীগৰাকীক ঘৰত ৰাখিবলৈ আহ্বান জনোৱাৰ পাছতো পৰিয়ালটোৱে উলিয়াই পঠিয়াইছে বোৱাৰীগৰাকীক৷
স্থানীয় লোকৰ অভিযোগ মতে ডাঙৰ ককাইয়েকে ৰাজেন দাসে পুৰ্বে দুৱাৰ বিয়া কৰাইছিল আৰু দুয়োগৰাকী পত্নীকেই খেদি পঠিয়াইছে৷
ইপিনে শেহতীয়াকৈ বিবাহ কৰোৱা কনিষ্ঠ ভাতৃ ৰাজকুমাৰ দাস অসম চৰকাৰৰ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত।
পৰিয়ালৰ মতে এতিয়া ককায়েক ৰাজেন দাসেহে পত্নী হিচাপে ৰাখিব নৱ বিবাহিতাক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















