মহানগৰীত কিছুদিন পূৰ্বে উৎখাত কৰা এক হাৱালা চক্ৰৰ ধন হৰলুকি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীৰ আৰক্ষী বিষয়া আৰু সাংবাদিকৰ ঘৰত ওলাইছে লাখে লাখে টকা। এই ঘটনাই এতিয়া ৰাজ্যযুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
২১ নৱেম্বৰত আঠগাঁৱৰ এটা ঘৰত হাৱালাৰ বিৰুদ্ধে চলিছিল ভৰলুমুখ আৰক্ষীৰ অভিযান। এই অভিযানত উদ্ধাৰ হৈছিল ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা। আয়কৰ বিভাগে জব্দ কৰিছিল এই সমুদায় ধন।
কিন্তু আৰক্ষীৰ হাতত পৰিছিল আন এক তথ্য। DCP পদ্মনাভ বৰুৱাই চলোৱা তদন্তৰ ভিত্তিত আৰক্ষীয়ে আজি পুৱা চলাইছিল অভিযান। অভিযানত হাজোৰ খাইৰুল হকৰ ঘৰৰ পৰা ৭ লাখ ৫০ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে। খাইৰুলৰ স্বীকাৰোক্তিত পোহৰলৈ আহে আৰক্ষী -সাংবাদিক জড়িত থকাৰ কথা। ইয়াৰ পাছতে আৰক্ষীয়ে ভৰলু থানাৰ SI মোবাৰক আলিৰ পৰা জব্দ কৰিছে ১৭ লাখ ৫০ হাজাৰ টকা। তফিকউদ্দিন আহমেদ নামৰ সাংবাদিকগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হয় ৪ লাখ টকা। আনহাতে, লিটল খান নামৰ লোকজনৰ পৰা উদ্ধাৰ হয় ৯ লাখ টকা। অভিযানকালত ৪ অভিযুক্তৰ পৰা মুঠ ৩৭ লাখ ৮০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বে ভৰলু থানাৰ SI মোবাৰক আলী নিশা প্ৰথমে ঘৰটোৰ ভিতৰলৈ গৈছিল। মোবাৰক আলীৰ লগত আছিল সাংবাদিক তফিকউদ্দিন আহমেদ। ভৰলু থানাৰ OC উপস্থিত হোৱাৰ পূৰ্বেই দুয়ো আত্মসাৎ কৰিছিল এই ধন। ধন আত্মসাতৰ ঘটনাত ভৰলু থানাৰ SI অনুৰাগ বৰাৰো নাম সাঙোৰ খাইছে।
ইতিমধ্যে দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ ঘোষণা কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। সাংবাদিক তফিকউদ্দিন আহমেদ ঘটনাত জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। এই ধন উদ্ধাৰ হোৱাৰ উপৰিও আৰু অধিক ধন লুকুৱাই থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষী আয়ুক্তৰ বক্তব্যৰ পৰা এই গোচৰত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ ইংগিত পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ