অসম লাইভ২৪ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংৰ নামত চলা অকথ্য নিৰ্যাতনৰ আন এক তথ্য পোহৰলৈ আহিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলত ৰেগিংৰ বলি হৈ ঘূনীয়া হৈছে গোৱালপাৰা জিলাৰ শিমলীতোলা অঞ্চলৰ ভেৰভেৰি গাঁৱৰ হজৰত আলী নামৰ ছাত্ৰগৰাকী। জ্যেষ্ঠ ছাত্ৰই কৰা প্ৰহাৰত শ্ৰৱন ক্ষমতা হেৰুৱাই পেলাইছে ছাত্ৰজনে। ছাত্ৰজনে ৰেগিং সন্দৰ্ভত হোষ্টেল কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও হোষ্টেল কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰকাশ কৰিছে ভুক্তভোগী ছাত্ৰজনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ