কলিযুগৰ চিৰঞ্জীৱীসকলৰ মাজত অন্যতম বজৰংবলী৷ ৫ৰাশিৰ জাতক জাতিকাৰ ওপৰত বজৰংবলীৰ বিশেষ আশীৰ্বাদ থাকে৷ মঙ্গলবাৰে হনুমানজিৰ পূজা বহুজনেই কৰে৷ জ্যোতিষশাস্ত্ৰত মঙ্গলবাৰ মঙ্গল গ্ৰহৰ সৈতে সম্পৰ্কিত৷ মঙ্গলক মেষ আৰু বৃশ্চিকৰ অধিপতি বুলি কোৱা হয়৷ মেষ আৰু বৃশ্চিক এই দুই ৰাশি হনুমানৰ অতিকৈ প্ৰিয়৷ ইয়াৰোপৰি বজৰংবলীৰ প্ৰিয় ৩টা ৰাশি আছে৷ হনুমানে এই ৫ৰাশিৰ জাতক জাতিকাক সকলো সংকটৰ পৰা ৰক্ষা কৰে৷ জীৱনত সৰ্বদা অগ্ৰগতি দিয়ে৷ এই সকলো ৰাশিৰ জাতকৰ ওপৰত বজৰংবলীৰ বিশেষ কৃপা থাকে৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি মঙ্গল৷ মঙ্গল হনুমানৰ সৈতে সম্পৰ্কিত৷ এই ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা ভাল৷ এই ৰাশিৰ জাতক জাতিকাই হনুমানৰ পূজা কৰিলে প্ৰচুৰ সাফল্যও পায়৷ সমস্যাও এওঁলোকৰ পৰা দূৰৈত থাকে৷ মেষ ৰাশিৰ জাতক জাতিকা সাহসী আৰু বুদ্ধিমান৷ আত্মবিশ্বাসেৰে পূৰ্ণ থাকে৷ তেওঁলোক সত্যবাদী হয়৷ হনুমানৰ আশীৰ্বাদ সৰ্বদা মেষ ৰাশিৰ জাতক জাতিকাৰ ওপৰত থাকে৷ হনুমানে এই ৰাশিৰ জাতক জাতিকাৰ সমস্যা দূৰ কৰে৷ তেওঁলোকৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ প্ৰতি সদয় হনুমানজি৷ এই ৰাশিৰ জাতক জাতিকাই কম বয়সতে সাফল্য লাভ কৰে৷ এই ৰাশিৰ জাতক জাতিকাৰ কাহানিও অৰ্থৰ অভাৱ নহয়৷ তেওঁলোকে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে৷ এই ৰাশিৰ জাতক জাতিকা ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহী হয়৷ তেওঁলোক হৃদয়বান৷ তেওঁলোকে সৰ্বদা অন্যসকলৰ সহায় কৰাৰ বাবে প্ৰস্তুত থাকে৷ এই ৰাশিৰ জাতক জাতিকা হনুমানৰ ভক্ত৷ সমস্ত অমীমাংসিত কাম সম্পন্ন হয় বজৰংবলীৰ পূজা কৰিলে৷ জ্ঞান আৰু কঠোৰ পৰিশ্ৰম দি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ অধিপতি মঙ্গল৷ সেই কাৰণেই বৃশ্চিক ৰাশিৰ জাতক জাতিকা হনুমানৰ খুবেই প্ৰিয়৷ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ ওপৰত থাকে হনুমানৰ বিশেষ আশীৰ্বাদ৷ তেওঁলোকে জীৱনত সৰ্বদা সুখী থাকে৷ এই ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত প্ৰচুৰ উন্নতি কৰে৷ বজৰংবলীৰ আশীৰ্বাদত একাধিক উৎসৰ পৰা আয় কৰে৷
মকৰ ৰাশি
এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত থাকে হনুমানৰ বিশেষ আশীৰ্বাদ৷ মকৰ মঙ্গলৰ উচ্চ ৰাশি৷ মকৰ ৰাশিৰ জাতকে যদি জীৱনত কোনো সমস্যাত পৰে তেতিয়া হনুমানক স্মৰণ কৰা উচিত৷ বজৰংবলীৰ শৰণত থাকিলে ভাল সুযোগ আহিব৷ সমস্যা দূৰ হব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে হনুমানজিৰ ধ্যান কৰিলে শুভ ফল পাব৷ যদি কোনো সংকট বা বাধাৰ মাজত পৰে তেতিয়া বজৰংবলীয়ে আপোনাৰ ৰক্ষক হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ৷ যিসকলে নিয়মিত হনুমানৰ পূজা কৰে তেওঁলোকে শনিদেৱৰ কৃপা পায়৷ এই ৰাশিৰ জাতক জাতিকাই হনুমানৰ কৃপাত জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰে৷ শনিদেৱ হৈছে কুম্ভ ৰাশিৰ অধিপতি৷ যিসকল হনুমানৰ ভক্ত তেওঁলোকত শনিদেৱে কষ্ট নিদিয়ে৷ কুম্ভ ৰাশিৰ জাতক জাতিকাই কম বয়সতে উন্নতি লাভ কৰে হনুমানৰ কৃপাত৷ বজৰংবলীয়ে এই ৰাশিৰ জাতক জাতিকাক প্ৰতিটো সংকটৰ পৰা ৰক্ষা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















