শনিবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫৷ বিগত আই পি এল সমূহৰ দৰে এইবাৰো কমেন্ট্ৰি বক্সত দেখা গৈছে হৰভজন সিঙক৷ হিন্দি আৰু ইংৰাজীত কমেন্ট্ৰি কৰিছে এইগৰাকী প্ৰাক্তন ভাৰতীয় স্পিনাৰে৷ দেওবাৰে কমেন্ট্ৰিৰ পাছতেই এক নতুন বিতৰ্কত সোমাই পৰিছে হৰভজন সিং৷ ৰাজস্থান ৰয়েলছৰ তাৰকা পেছাৰ জোফ্ৰা আৰ্চাৰক লৈ বৰ্ণ বৈষম্যমূলক মন্তব্যৰ অভিযোগ উঠিছে হৰভজনৰ বিৰুদ্ধে৷ ধাৰাভাষ্য দিয়াৰ সময়ত এক বিতৰ্কিত মন্তব্য কৰিছে হৰভজন সিঙে৷ এনে কি কথা কৈছে হৰভজন সিঙে৷
দেওবাৰে মেচত প্ৰথমে বেটিং কৰি ২৮৬ ৰান তোলে ছানৰাইজাৰ্ছ হায়দৰাবাদে৷ মেচত প্ৰচুৰ ৰান দিয়ে তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে৷ ৪ অভাৰত ৭৬ ৰান তুলিছিল তেওঁ৷ মেচৰ ১৮ তম অভাৰত বেটিং কৰিছিল ঈশান কিষাণ আৰু হেনৰিখ ক্লাছেনে৷ আৰ্চাৰৰ বলত এটাত পাছত এটা বাউণ্ডৰি মাৰিছিল তেওঁ৷ তেতিয়াই কমেন্ট্ৰি কৰাৰ সময়ত হৰভজন সিঙে ইংলেণ্ডৰ ক’লা টেক্সিৰ সৈতে তুলনা কৰে আৰ্চাৰক৷ তেওঁ কয়, ‘লণ্ডনৰ ক’লা টেক্সিসমূহ খুব দ্ৰুতগতিত চলে৷ ইয়াত আৰ্চাৰৰ মিটাৰো দ্ৰুত চলিছে৷’ জোফ্ৰা আৰ্চাৰৰ প্ৰচুৰ ৰান হজম কৰাক এইধৰণে বৰ্ণনা কৰিবলৈ গৈ বিতৰ্কত সোমাই পৰিছে হৰভজন৷ বহুতৰে দাবী যে আৰ্চাৰ কৃষ্ণাংগ হোৱাৰ বাবেই তেওঁক ক’লা টেক্সি বুলি কৈছে হৰভজনে৷ যি বৰ্ণবৈষম্যমূলক৷ ছচিয়েল মিডিয়াত এই বিষয়টোক লৈ আলোড়নো হৈছে৷ ভাইৰেল হৈছে সেই মুহূৰ্তৰ ভিডিঅ’৷ এনে মন্তব্যৰ বাবে হৰভজনে ক্ষমা খোজা উচিত বুলিও দাবী জনাইছে ক্ৰিকেটপ্ৰেমীয়ে৷ বহুতেই আকৌ আই পি এল কৰ্তৃপক্ষ আৰু বিচিচিআইক এই বিষয়ে কাঢ়া সিদ্ধান্ত লবলৈকো আহ্বান জনাইছে৷
https://x.com/Biswajeet_2277/status/1903775897205023167
নিজৰ ক্ৰিকেট কেৰিয়াৰত বহুবাৰ বৈষম্যমূলক মন্তব্য বা ঘটনাৰ মুখামুখি হৈছে হৰভজন সিং৷ তেওঁ ধাৰাভাষ্য দিয়াৰ সময়ত সেয়ে এনে মন্তব্য কৰাক লৈ প্ৰশ্ন উঠিছে৷ কিয় এনে মন্তব্য কৰিলে সেই বিষয়ে অৱশ্যে হৰভজনৰ পৰা এতিয়াও কোনো মন্তব্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ