আপুনি খুবেই দুখত আছে৷ হঠাৎ আপোনাৰ আপোনজনে মৰমেৰে আপোনাক আলিংগন কৰিলে৷ তেতিয়া সকলো দুখৰ পৰাই যেন ক্ষন্তেক সময়ৰ বাবে মুক্ত হৈ পৰাৰ অনুভৱ আপোনাৰ মনতো আহে৷ কাৰোবাৰ প্ৰতি মৰমৰ বহিঃপ্ৰকাশৰ ধুনীয়া অনুভৱটোৱেই হৈছে আলিংগন৷ যিসকলৰ কাষত এনে আপোন মানুহ থাকে যাক আপুনি মনগলেই আলিংগন কৰিব পাৰে, তেনে লোক অতি ভাগ্যবান৷
বিশেষজ্ঞৰ দাবী যে কোনোৱে যদি মৰমেৰে আপোনাক সাবটি ধৰে তেতিয়া তাৰ প্ৰভাৱ আপোনাৰ মন আৰু শৰীৰ দুয়োটাতেই পৰে৷ আলিংগনে আপোনাক বহু ৰোগৰ পৰাও মুক্তি দিব পাৰে৷ চিকিৎসা বিজ্ঞানতো উল্লেখ আছে যে শৰীৰৰ ডিঙি বা কান্ধত চাপ পৰিলে শৰীৰত যোগাত্মক প্ৰভাৱ পৰে৷ আলিংগনে বহু ৰোগ দূৰ কৰিব পাৰে৷ আলিংগনৰ পৰা কি কি উপকাৰ হয়?
মন মগজু ভালে থাকে
আলিংগন কৰিলে আপোনাৰ মন স্বাভাৱিকভাৱেই যোগাত্মক হৈ উঠিব৷ বিচলিত হৈ ভাগৰি পৰাৰ সময়ত কোনোৱে যদি আত্মীয়তাৰে সাৱটি ধৰে, তেন্তে কিছু সময়ৰ বাবে আপুনি মানসিকভাৱে শক্তিশালী হৈ উঠিব৷ আলিংগন কৰিলে সুখী হৰম’ন শৰীৰত নিৰ্গত হয় যিয়ে মন মগজুক যোগাত্মক কৰি তোলে৷
মানসিক চাপ কমে
আলিংগন কৰিলে মানসিক চাপৰ পৰা উপশম পোৱা যায়। সাবটি ধৰাৰ ফলত কৰ্টিছলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াক ষ্ট্ৰেছ হৰম’ন বোলা হয়। যেতিয়া কৰ্টিছল হৰম’ন কমি যায় তেতিয়া মানসিক চাপ আৰু উদ্বেগৰ দৰে সমস্যা কমি যায়।
ৰক্তচাপ কমাত সহায় কৰে
আলিংগনে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে৷ সঠিক পদ্ধতিৰে সমগ্ৰ শৰীৰলৈ অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে। যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয়। আলিংগন কৰিলে অক্সিট’চিন নিৰ্গত হয়, যাক বৈজ্ঞানিক ভাষাত ‘কাডল হৰম’ন’ বুলি কোৱা হয়।
হৃদয় সুখী হৈ পৰে
আলিংগন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত হয়। ই আপোনাক সুখী আৰু নিৰাপদ অনুভৱ কৰায়। আলিংগনে মনক শান্ত আৰু শিথিল কৰে। যিয়ে হৃদয়খনকো সুখী কৰে।
মস্তিষ্ক প্ৰখৰ কৰে
প্ৰতিদিনে আলিংগন কৰা মানুহৰ স্মৃতিশক্তি প্ৰখৰ হয়। ইয়াৰ ফলত শৰীৰত অক্সিট’চিন হৰম’ন নিৰ্গত হয়, যিয়ে মন প্ৰখৰ কৰে আৰু মানসিক চাপৰ পৰা উপশম দিয়ে। সেইবাবেই প্ৰতিদিনে আলিংগন কৰাটো খুবেই গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ