মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত
মঙলবাৰে গভীৰ নিশা প্ৰয়াগৰাজ মহাকুম্ভত অতিকে শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। পদপিষ্ট হৈ আহত হয় বহু লোক। লগতে দুৰ্ঘটনাটোত বহু ভক্তৰ মাজত হতাহতি হোৱাৰো খবৰ পোৱা গৈছে। চিকিৎসালয়খনত এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে প্ৰশাসনে মৃত্যু বা আহত লোকৰ সংখ্যা সন্দৰ্ভত কোনো সধিক তথ্য সদৰি কৰা নাই।
কিন্তু প্ৰাথমিক তথ্য অনুসৰি জানিব পৰা মতে, এই দুৰ্ঘটনাটোত বৰ্তমানলৈ ১৭ গৰাকী লোকে প্ৰাণ হেৰুাইছে। ইয়াৰে এগৰাকী লোক অসমৰ বুলি জানিব পৰা গৈছে।
নিহত ব্যক্তিজন হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। হাইলাকান্দিৰ নীতিৰঞ্জন পালৰ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। যোৱা নিশা মৌনি অমাৱস্যাত স্নান কৰিবলৈ গৈ মৃত্যু হয় অসমৰ লোক গৰাকীৰ।
ঘটনাত আহত ১০০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। ঘটনাৰ পাছতেই বন্ধ কৰি দিয়া হৈছিল ত্ৰিবেণী সংগমৰ অমৃত স্নান। অৱশ্যে কিছু সময়ৰ পাছত পুনৰ আৰম্ভ হব এই অমৃত স্নান। শোকাৱহ ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ।
ইফালে বিৰোধীয়ে চৰকাৰক আক্ৰমণ কৰিছে এই দুৰ্ঘটনাক লৈ। এই হুলস্থুলক লৈ শোক প্ৰকাশ কৰিছে কংগ্ৰেছে। আনহাতে অখিলেশ যাদৱে যোগী চৰকাৰক লক্ষ্য কৰি লৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ