কেৱল পাতেই নহয় ইয়াৰ গুটিবোৰ ৰামবান সদৃশ বহু বেমাৰত, জানক সবিশেষ-
নিম গছ কিমান উপকাৰী সেয়া সকলোৱে জানে। নিমৰ পাতৰ পৰা আৰম্ভ কৰি ইয়াৰ গা-গছো বহু উপকাৰী। নিম গছৰ পাত, ডাল, গুটি বছৰ বছৰ ধৰি পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসাত প্ৰদাহ, জ্বৰ, সংক্ৰমণ, ছালৰ ৰোগ আৰু দাঁতৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ হৈ আহিছে।
আয়ুৰ্বেদত নিম গছক অমৃতৰ দৰে গণ্য কৰা হয়, ইয়াত উপস্থিত থকা বহু ধৰণৰ উপাদানে কাম-কাজত সহায় কৰে শৰীৰৰ ভিতৰত আৰু বাহিৰতো বহু ৰোগৰ পৰা ৰক্ষা কৰে।
বাৰিষাৰ সময়ত নিম গছত সৰু সৰু হালধীয়া ৰঙৰ ফল তথা গুটি দেখা যায়। আয়ুৰ্বেদৰ চিকিৎসকৰ মতে এই নিম গুটিত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল, এন্টিকাৰ্চিনোজেনিক, এন্টি-ইনফ্লেমেটৰী, এন্টিমেলেৰিয়া আৰু এন্টি-চেপ্টিক গুণ পোৱা যায়।
শৰীৰৰ পুৰণি আঘাত নিৰাময়, সংক্ৰমণ আঁতৰাই ৰখা আৰু ছালৰ লগত জড়িত ৰোগৰ চিকিৎসাৰ বাবে নিম পাত এবিধ পৰম্পৰাগত ঔষধ। এই তিতা পাতৰ পেষ্ট বনাই মুখত লগালে ক’লা দাগ আৰু দাগ আঁতৰি যায়। ইয়াৰ উপৰিও গুটি সেৱন কৰিলে মুখৰ আলচাৰৰ পৰাও সকাহ পোৱা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















