নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক শেহতীয়াকৈ EDয়ে চমন জাৰি কৰিছিল। মাতৃ-পুত্ৰ দুয়োকে ED য়ে ৮ জুনত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ।কিন্তু বুধবাৰে অৰ্থাৎ কাইলৈ EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা নাই ছোনিয়া গান্ধীৰ৷ স্বাস্থ্যজনিত সমস্যাৰ বাবে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ২ জুনত কোভিড পৰীক্ষা কৰিছিল।
অৱশ্যে মঙলবাৰে বিয়লিলৈকে ED লৈ কোনো আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হোৱা নাই৷ কিন্তু প্ৰাপ্ত তথ্য অনুসৰি, স্বাস্থ্যৰ বাবে ছোনীয়া গান্ধীয়ে ৰেহাই বিচৰাৰ সম্ভাৱনাই অধিক৷
উল্লেখযোগ্য যে, বিজেপিৰ প্ৰাক্তন সাংসদ সুব্ৰমনিয়াম স্বামীয়ে দিল্লী উচ্চ ন্যায়ালয়ত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে হাজাৰ কোটি টকাৰ পুঁজি দখল আৰু অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল।
লগতে পঢ়ক ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন
তেওঁ অভিযোগ কৰিছিল যে গান্ধী পৰিয়ালে ব্যক্তিগত প্ৰতিষ্ঠান ইয়ং ইণ্ডিয়া লিমিটেডৰ জৰিয়তে এটা ৰাজহুৱা সীমিত কোম্পানী AJL অধিগ্ৰহণ কৰিছিল৷ ইয়াৰ সঞ্চালক আছিল ৰাহুল গান্ধী৷
সম্প্ৰতি প্ৰাক্তন আইন মন্ত্ৰী শান্তি ভূষণ আৰু এলাহাবাদ আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুকে ধৰি AJLৰ বহু অংশীদাৰে কয় যে যেতিয়া YILয়ে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ অৰ্জন কৰিছিল তেতিয়া তেওঁলোকক কোনো জাননী দিয়া হোৱা নাছিল।
তেওঁলোকে কৈছিল যে তেওঁলোকৰ দেউতাকৰ হাতত থকা শ্বেয়াৰবোৰ তেওঁলোকৰ সন্মতি অবিহনে ২০১০ চনত AJLলৈ স্থানান্তৰ কৰা হৈছিল। লগতে সুব্ৰমণিয়াম স্বামীয়ে বহু অভিযোগ কৰিছে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে। ২০১৪ত আৰম্ভ হোৱা ইডিৰ গোচৰটোৰ তদন্ত কি হ’ব সেয়া সময়েহে ক’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ