মূষলধাৰ বৰষুণৰ আগজাননী, অসমসহ দেশৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কতা কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ
দুদিন যদি বৰষুণ, দুদিন গৰমে দহিছে মানুহক। বিগত দুটামান দিন ধৰি অসমৰ লগতে দেশৰ বহু কেইখন ৰাজ্যত গৰমৰ প্ৰদুৰ্ভাৱ বৃদ্ধি পাইছে। পাছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে বৰষুণৰ আগজাননি। অসমৰ লগতে কেইবাখনো ৰাজ্যলৈ আগজাননি দিছে ধাৰষাৰ বৰষুণৰ।
অৱশ্যে বৰষুণৰ বাবেই অসমৰ ২৯ খনলৈ জিলা বানৰ কবলত পৰিছিল। এতিয়া ৰদৰ বাবে কিছু শাম কাটিছিল য়দিও বৰষুণৰ আগজাননিয়ে পুনৰ চিন্তাত পেলাইছে। কেৱল অসমেই নহয় উত্তৰ প্ৰদেশৰ ২০ খন জিলাও বানৰ কবলত। ইয়াৰ বাহিৰেও অন্য দুখনমান ৰাজ্যতো বান।
উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু বিহাৰত নদীৰ পানী বৃদ্ধি পাইছে। ভূমিস্খলনৰ ফলত পথ অৱৰোধ হৈছে। আজি পুৱা কৰ্ণাটকতো ভূমিস্খলন। একে সময়তে বতৰ বিজ্ঞান বিভাগে ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। আজিও বতৰ বিজ্ঞান বিভাগে দিল্লী-মহাৰাষ্ট্ৰকে ধৰি সমগ্ৰ দেশৰ ১৭খন ৰাজ্যত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী দিছে।
বিশাখাপট্টনমৰ চাইক্ল’ন ৱাৰ্নিং চেণ্টাৰৰ এম ডি শ্ৰীনিবাসৰ মতে, ১৯ জুলাইত বংগ উপসাগৰত নিম্ন চাপৰ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত আগন্তুক ৫ দিনলৈ অসম, কৰ্ণাটক, কেৰালা, লক্ষদ্বীপ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডুৰ বতৰ অতি বেয়া হ’ব।
এই কেইখন ৰাজ্যত ধুমুহাৰ সম্ভাৱনা আছে আৰু প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট থাকিব। কৰ্ণাটক, সৌৰাষ্ট্ৰ, কুচ, কংকন, গোৱাত ২০ জুলাই পৰ্যন্ত বৰষুণ অব্যাহত থাকিব। নেপাল সীমান্তৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় নদীসমূহৰ পানী বৃদ্ধি পাইছে যাৰ ফলত বহু গাঁৱত বানপানীৰ আশংকা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















