হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’
ৰিয়েলিটি শ্ব’ৰ সত্যতাক লৈ সন্দেহ বহুদিনৰ পৰাই। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও ইয়াৰ প্ৰমাণ পাইছে। Reddit ত ভাইৰেল এটা পোষ্টে এই কথা নিশ্চিত কৰিছে। ইণ্ডিয়ান আইডল ১৫ৰ শেহতীয়া হোলী বিশেষ খণ্ডৰ সময়ৰ ভাইৰেল ফটোই এতিয়া হতাশ কৰিছে অনুৰাগীক।
আচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো য’ত শ্ব’টোৰ অতিথি হিচাপে অহা বিচাৰক হেমা মালিনীয়ে শ্ব’টোৰ সমগ্ৰ চিত্ৰনাট্য তথা স্ক্ৰিপ্ট হাতত লৈ থকা দেখা গৈছে। পোষ্টটোত শ্বেয়াৰ কৰা স্ক্ৰীণশ্বটত হেমা মালিনীয়ে বগা শাৰী পিন্ধি, হাতত চিত্ৰনাট্যখন ধৰি থকা দেখা গৈছে।
এই গোটেই বিষয়টোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল যে চিত্ৰনাট্যখনত হেমা মালিনীয়ে কব লগা প্ৰতিটো শব্দ, সম্পূৰ্ণ বাক্য সকলো লিখা আছিল। এটা অংশত স্পষ্টকৈ লিখা আছিল যে হেমা জীয়ে মথুৰাৰ হোলীৰ বৰ্ণনা কৰিব।
এই স্ক্ৰিপ্ট দেখি এতিয়া অনুৰাগীৰ ক্ৰোধ। কাৰণ বাৰে বাৰে অনুষ্ঠানটোত ৰিয়েলিটি শ্বো বুলি কৈ থকাৰ পাছত এতিয়া পোহৰলৈ আহিছে সকলো মিছা। সকলো পূৰ্বৰে পৰা নিৰ্ধাৰিত। সকলো কেৱল মিছা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ