ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিনৰ আবেদন মঞ্জুৰ কৰিলে ঝাৰখণ্ড হাইকৰ্টে৷
বিগত ৩১ জানুৱাৰীত ঝাৰখণ্ডৰ মাটি দুৰ্নীতি আৰু বেআইনী আৰ্থিক লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ৷
ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্তক গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে৷
বিগত ১৩ মেত বেআইনী আৰ্থিক লেনদেন প্ৰতিৰোধ আইন সংক্ৰান্তত ৰাঁচীৰ বিশেষ আদালতে হেমন্তৰ জামিনৰ আৱেদন খাৰিজ কৰিছিল৷
তাৰপাছতেই ঝাৰখণ্ডৰ হাইকৰ্টত জামিনৰ আবেদন জনাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অধিবক্তাই৷
অৱশেষত প্ৰায় ৫ মাহৰ অন্তত জামিন লাভ কৰিলে কাৰাবন্দী হৈ থকা হেমন্ত চোৰেণে৷
গ্ৰেপ্তাৰৰ লগে লগেই ঝাৰখণ্ড মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিছিল হেমন্ত চোৰেণে৷
ইডিৰ গ্ৰেপ্তাৰক বেআইনী অভিযোগ কৰি উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল হেমন্তই৷
কিন্তু সেই গোচৰ বিগত ২২ মেত প্ৰত্যাহাৰ কৰে তেওঁৰ অধিবক্তাই৷
উচ্চতম ন্যয়ালয়ত গ্ৰেপ্তাৰৰ পাছতেই দুটাকৈ পৃথক গোচৰ ৰুজু কৰিছিল হেমন্তই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ