১১ ঠাইত ডাৱৰ বিস্ফোৰণ, প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ হিমাচল প্ৰদেশত, বৰ্তমানলৈ ১৭ নিহত
ডাৱৰ বিস্ফোৰণৰ ঘটনাই কঁপাই তুলিছে ভাৰতৰ পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশক। ১ জুলাই মঙলবাৰে দিনটোত ১১টা ঠাইত ডাৱৰ বিস্ফোৰণ ঘটে। বৰ্তমানলৈ ৰাজ্যখনত মৃতকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পোৱা বুলি খবৰ আহিছে। ইয়াৰ উপৰি অন্য কেইবাগৰাকী লোক সন্ধানহীন হৈ আছে।
ৰাজ্যখনৰ কেৱল মাণ্ডী জিলাৰ গোহৰ, কাৰ্ছগ, থুনাগ আৰু ধৰমপুৰৰ ৭ স্থানত ডাৱৰ বিস্ফোৰণৰ ফলত কেইবাটাও ঘৰ মাটিত পোত যোৱাৰ বিপৰীতে ক্ষন্তেকীয়া বানত বহু লোকৰ প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হয়। খবৰ অনুসৰি এই ঘটনাত কেৱল কালিৰ দিনটোতেই ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত বৰষুণৰ বাবে মুঠ ৪০৬টা পথ বন্ধ হৈ আছে, ইয়াৰে ২৪৮টা পথ কেৱল মাণ্ডী জিলাত। মাণ্ডীৰ ৯৯৪ টা ‘ট্ৰেন্সফৰ্মাৰ’ৰো প্ৰভাৱ পৰিছে।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ)ৰ লগতে আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ দুটাকৈ দলে জিলাখনত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। বিষয়াসকলে জনোৱা মতে, ২৪টা ঘৰ, ১২টা গৰু-ম’হৰ চাল, এখন দলং আৰু কেইবাটাও পথৰ ক্ষতিসাধন হৈছে, ৩০টা গৰু-ম’হৰ মৃত্যু হৈছে।
মন্দি জিলাত আবদ্ধ হৈ থকা ৯ জন লোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিয়ে। এস ই অ’ চিয়ে জনোৱা মতে, মণ্ডিত ২৭৮, হামিৰপুৰৰ ৫১ আৰু চাম্বাত ৩ জনকে ধৰি মুঠ ৩৩২ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি অহা ৬ জুলাইলৈ একাংশ অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞানৰ ফালৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















