ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ
হনীমুন হত্যাকাণ্ডৰ ওৰ নপৰা কথা। এইবাৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাত আন এক তথ্য পোহৰলৈ আহিছে। শেহতীয়া প্ৰকাশিত তথ্য অনুসৰি, সোনমৰ গহনাৰ পৰা আৰক্ষীয়ে লাভ কৰিছিল দুডালকৈ মংগলসুত্ৰ।
যাৰ পাছতে আৰক্ষীয়ে ৰাজা ৰংঘুবংশীৰ পৰিয়ালৰ সৈতে সোধপোচ কৰি জানিব পাৰে ৰাজাই এডাল হে মংগলসূত্ৰ দিছিল সোনমক। তেন্তে আন এডাল মংগলসুত্ৰ আহিল কৰ পৰা!
এই সন্দৰ্ভত ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশীয়ে ডাঙৰ দাবী কৰিছে। এক আছুতীয়া সাক্ষাৎকাৰত বিপিন ৰঘুবংশীয়ে কয় যে, “আমাৰ পৰিয়ালে সোণমক মাত্ৰ এডালহে মংগলসূত্ৰ দিছিল, যিটো আমি ফটোৰ জৰিয়তে নিশ্চিত কৰিছো। প্ৰশ্ন উত্থাপন হয় যে সোণমে দ্বিতীয় মংগলসূত্ৰ ক’ৰ পৰা পালে?”
বিপিনে আশংকা প্ৰকাশ কৰিছে যে সোণম ৰঘুবংশীয়ে ইতিমধ্যে গোপনে ৰাজ কুশৱাহাক বিয়া কৰাইছিল আৰু সেই বিবাহৰ পৰাই আছিল দ্বিতীয় মংগলসূত্ৰ। পাছে ইয়াৰ সঠিক উত্তৰ বৰ্তমানলৈ প্ৰকাশ পোৱা নাই।
আনহাতে এতিয়া এই গোচৰৰ আটাইকেইজন অভিযুক্তৰ নাৰ্কো টেষ্টৰ বাবে অহৰহ দাবী জনাইছে পৰিয়ালটোৱে। কাৰণ আদালতত বাৰে বাৰে বক্তব্য সলনি কৰি আছে অভিযুক্তই। সেয়ে দাবী,- নাৰ্কো টেষ্টৰ পিছতহে এই হত্যাকাণ্ডৰ প্ৰকৃত ষড়যন্ত্ৰ প্ৰকাশ পাব।
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত চলাই থকা মেঘালয় আৰক্ষীৰ এছ আই টিয়ে সোণম ৰঘুবংশীৰ লেপটপ আৰু পেন ড্ৰাইভ উদ্ধাৰ কৰিছে। লেপটপ আৰু পেন ড্ৰাইভৰ সহায়ত আৰক্ষীয়ে গোচৰৰ তদন্ত আগবঢ়াই নিব। এই লেপটপৰ সহায়তে সোণমে শ্বিলঙৰ টিকট বুকিং কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ