ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই৷ এইবোৰ কংগ্ৰেছে উলিয়াই আছে বুলি কৈ চুমা খোৱাৰ আঁৰৰ কাহিনী বাখ্যা কৰিছে৷ দেওবাৰে বোকাজানৰ বিজেপি প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মহিলাই চুমা খোৱাৰ আঁৰৰ কাহিনী বাখ্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷
ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মোক চুমা খোৱাৰ কাহিনীটো কংগ্ৰেছীসকলে ওলিয়াই আছে৷ মোক ৮০ বছৰীয়া আইতাইয়ো চুমা খাই৷ বাইদেউসকলে চুমা খাই৷ শিশুসকলে চুমা খাই৷ মোক তেওঁলোকে ঘৰৰ মানুহ বুলি ভাৱে৷ বিশ্বাস কৰে৷ এইয়া এনেই হোৱা নাই৷ মই তেওঁলোকক কামেৰে বিশ্বাস দিছো৷ মই যে সঁচায়ে সকলোৰে ঘৰৰ মানুহ৷ আগৰ চি এম বিলাকে কেনেকৈ কথা পাতিছিল জানেই৷ মোক কোনোবাই টানি নিছে মই গৈছো৷ মোক গালি দিছে মই শুনিছো, মোক মৰম কৰিছে মই গ্ৰহণ কৰিছো৷ কাৰণ আমি একেই পৰিয়ালৰ সদস্য৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















